ইমৰাণ খানে নিজকে অপমানৰ পাত্ৰ কৰিবলৈ নতুন নতুন উপায় উলিয়াবলৈ ধৰিছে-বীৰেন্দ্ৰ ছেহৱাগ

Sehwag

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক তাচ্ছিল্য কৰি মন্তব্য আগবঢ়াইছে প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগে।ইমৰাণ খানে অংশ লোৱা এটা সাক্ষাৎকাৰৰ অনুষ্ঠানত আঁত ধৰোঁতাই খানক 'বেল্ডাৰ' বুলি অভিহিত কৰাৰ এটা ভিডিঅ' ছেহৱাগে টুইটাৰত শ্বেয়াৰ কৰে।তাৰ পিছত ক্ৰিকেটাৰগৰাকীয়ে লিখে-'এনেকুৱা লাগিছে যেন ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনত সাৰমৰ্মবিহীন বক্তৃতা প্ৰদান কৰাৰ পিছত এই মানুহজনে নিজকে অপমানৰ পাত্ৰ কৰিবলৈ নতুন নতুন উপায় উলিয়াবলৈ ধৰিছে।'উল্লেখ্য যে ৰাষ্ট্ৰসংঘত বক্তব্য প্ৰদান কৰি ইমৰাণ খানে ভাৰতক পৰমাণু যুদ্ধৰ ভাবুকি প্ৰদান কৰিছিল।

Your Comments