পাকিস্তানে এতিয়াও আশ্ৰয় দিছে কুখ্যাত ১৩০ টা  সন্ত্ৰাসবাদী আৰু ২৫ টা আতংকবাদী সংগঠনক-ৰাষ্ট্ৰসংঘত ভাৰতৰ বক্তব্য

Pic

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বক্তব্যৰ প্ৰতিটো
মিথ্যাচাৰৰ যথোচিত প্ৰত্যুত্তৰ দিলে ভাৰতে।ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰথম সচিব বিদিশা মৈত্ৰই ইমৰানৰ ভাষণৰ প্ৰত্যুত্তৰত কয় যে পাকিস্তান বিশ্বৰ একমাত্ৰ দেশ,যি আল কায়দা আৰু আইছিছৰ সন্ত্ৰাসবাদীক পেঞ্চন দিয়ে।তেওঁ লগতে কয় যে পাকিস্তানে ৰাষ্ট্ৰসংঘৰ দ্বাৰা চিহ্নিত ১৩০ টা সন্ত্ৰাসবাদী আৰু ২৫ টা সন্ত্ৰাসবাদী সংগঠনক আশ্ৰয় দি ৰাখিছে।পাকিস্তানেই বিশ্বত্ৰাস সন্ত্ৰাসবাদী ওচামা বিন লাডেনৰ ৰক্ষক নাছিল নেকি বুলিও মৈত্ৰই ইমৰান খানক প্ৰশ্ন কৰে।

Your Comments