'সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বৰ সকলোবোৰ ৰাষ্ট্ৰ একত্ৰিত হ'ব লাগিব'-ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনত প্ৰধানমন্ত্ৰী মোডী

মোডী

নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনত শুকুৰবাৰে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্ববাসীলৈ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে।প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে সন্ত্ৰাসবাদ কোনো এখন দেশৰ বাবে নহয়,বৰঞ্চ সমগ্ৰ বিশ্ব তথা মানৱতাৰ প্ৰতি ভাবুকি।সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বৰ সকলোবোৰ ৰাষ্ট্ৰ একত্ৰিত হ'ব লাগিব।পাকিস্তানৰ নাম উল্লেখ নকৰাকৈ মোডীয়ে মন্তব্য কৰে যে সন্ত্ৰাসবাদৰ প্ৰসংগত বিভক্ত বিশ্ব কাৰোৰে বাবে হিতকৰ নহয়।সন্ত্ৰাসবাদৰ প্ৰসংগত বিশ্ব বিভক্ত হোৱাটোৱে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ উদ্দেশ্যৰ বিৰূদ্ধাচৰণ কৰে।মোডীয়ে বক্তব্য প্ৰদান কৰে যে ভাৰতবর্ষই বিশ্বলৈ ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে।ভাৰতে বিশ্বক যুদ্ধ দিয়া নাই,বুদ্ধ দিছে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে  ভাৰতত এবাৰেই ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ বিৰুদ্ধে বৃহৎ পৰিসৰত অভিযান চলাই থকাৰ বিষয়ে উল্লেখ কৰে।২০২৫ চনৰ ভিতৰত ভাৰতক যক্ষ্মা ৰোগৰ পৰা মুক্ত কৰাৰ লক্ষ্য আগত লৈ কাম কৰা হৈ আহিছে বুলিও প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।

Your Comments