আগন্তুক ৪-৫ দিনৰ ভিতৰত ভৱিষ্যৎ নিৰ্ণয় হ'ব গভীৰ সংকটৰ মাজত থকা বিএছএনএল-এমটিএনএলৰ

Bsnl

আগন্তুক ৪-৫ দিনৰ ভিতৰতে ভৱিষ্যত নিৰ্ণয় হ'ব ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানী বিএছএনএল আৰু এমটিএন এলৰ।বৃহস্পতিবাৰে গভীৰ নিশালৈকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানী দুটাক কেনেদৰে পুনৰ্জীৱিত কৰিব পাৰি, সেই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়।এতিয়া প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ৪-৫ দিনৰ সময় দিছে আৰু এই সময়চোৱাত সচিবসকলৰ সমিতি এই সিদ্ধান্তত উপনীত হ'ব যে বিএছএনএল আৰু এমটিএনএলক নতুন জীৱন দিব পৰা যাব নে নাযাব।উল্লেখ্য যে অস্তিত্বৰ সংকটত ভুগি থকা বিএছএনএলত ১.৬৩ লাখ কৰ্মচাৰী আছে।আনহাতে,এমটিএনএলত আছে ২২ হাজাৰ কৰ্মচাৰী।

Your Comments