পাকিস্তানত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৮ জনলৈ বৃদ্ধি

Pic

পাকিস্তান অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ পঞ্জাব তথা খাইবাৰ পছটুনখাৱা অঞ্চলত মঙলবাৰে অহা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা বৃহস্পতিবাৰে ৩৮ গৰাকীলৈ বৃদ্ধি পাইছে।আহত হৈছে ৪৫০ গৰাকীতকৈ অধিক লোক।৫.৮ তীব্ৰতাৰ ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল পাক অধিকৃত কাশ্মীৰৰ মীৰপুৰ।মীৰপুৰত যথেষ্ট ক্ষয়-ক্ষতি হৈছে।

Your Comments