কাশ্মীৰ প্ৰসংগত পাকিস্তানে আন্ত:ৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সমৰ্থন লাভ কৰা নাই:হতাশ-নিৰাশ ইমৰান খান

Imran

অৱশেষত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে স্বীকাৰ কৰিলে যে কাশ্মীৰ প্ৰসংগত পাকিস্তানে আন্ত:ৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সমৰ্থন লাভ কৰা নাই।নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱা ইমৰান খানে কয়-'মই আন্ত:ৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ ভূমিকাত নিৰাশ।কাশ্মীৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত কোনেও হেঁচা প্ৰয়োগ কৰা নাই।'উল্লেখ্য যে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ-৩৭০ আঁতৰোৱাৰ পিছত কাশ্মীৰ প্ৰসংগ বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানে উত্থাপন কৰিছে যদিও সকলোতে মুখ ঠেকেচা খাইছে।অধিকাংশ ৰাষ্ট্ৰই কাশ্মীৰৰ পৰা অনুচ্ছেদ-৩৭০ আঁতৰোৱাটো ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰিছে।

Your Comments