মমিনুল আৱালৰ সৈতে আমছুৰ গোপন সম্পৰ্কৰ প্ৰসংগ : আছুক উভতি ধৰিলে আমছুয়ে

amsu

বঙাইগাঁওঃ

বিজেপি নেতা মমিনুল আৱালৰ সৈতে আমছুৰ গোপন সম্পৰ্ক থকা বুলি কালি সদৌ অসম ছাত্ৰ সন্থা ( আছু )ৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কৰা মন্তব্যক আজি উভতি ধৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা ( আমছু )ৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে । চিৰাং জিলাৰ বৰতালোৱাস্থিত কাজলগাঁও প্ৰেছ ক্লাবত আজি দুপৰীয়া ১ বজাত অনুষ্ঠিত এক সংবাদমেলত আমছুৰ সভাপতি গৰাকীয়ে কয় যে , 'যিজন মানুহৰ সংখ্যালঘু সমাজ জীৱনৰ লগত কোনো সম্পৰ্ক নাই , যিজন মানুহে কেৱল টকা আৰু ক্ষমতাৰ বাবে বিজেপিৰ ওচৰত দালালি কৰি আছে , যিজন মানুহে সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত হৈ থকা ইমান অত্যাচাৰৰ পিছতো কোনো মাত মতা নাই সেইজন জাতিদ্ৰোহী ব্যক্তিৰ সৈতে আমছুৰ কোনো সম্পৰ্ক নাই । বৰং আৱাল ডাঙৰীয়া আছুৰহে এগৰাকী প্ৰাক্তন সদস্য । গতিকে তেনে এগৰাকী নেতাই আছুক কিবা কৈছে যদি সেয়া ভিত্তিহীন । ইয়াৰ লগত আমছুৰ কোনো সম্পৰ্ক নাই । লগতে এয়া আছুৰ পৰিয়ালৰ কথা বুলিও মন্তব্য কৰি আমছু নেতাগৰাকীয়ে লুৰিণজ্যোতি গগৈক কটাক্ষ কৰে । কেৱল টকা আৰু ক্ষমতাৰ বাবে যিগৰাকী খেদা খোৱা নেতাই হকে বিহকে নিজৰ জাতিৰ লোকৰ  বিৰুদ্ধে সঘনাই মন্তব্য দি থাকে তেনে নিম্নখাপৰ নেতাৰ লগত আমছুক নাসাঙুৰিবলৈকো সভাপতি সৰকাৰে আছুক আহ্বান জনায় ।

Your Comments