ন্যায় পালে অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আন্দোলনে: ড° মালিনী গোস্বামীক স্থায়ী উপাচাৰ্য নিযুক্তি

Assam women univercity

নিউজ ডেস্ক:
ন্যায্যতা পালে উত্তৰ-পূবৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালখনে।২০১৩ চনতে প্ৰতিষ্ঠা হোৱা অসম বিশ্ববিদ্যালয়ত ছয় বছৰৰ মূৰত স্থায়ীভাৱে নিযুক্তি দিয়া হ'ল উপাচাৰ্য।গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা


ড° মালিনী গোস্বামীক বৃহস্পতিবাৰে নিযুক্তি দিয়া হয় অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে।ড° গোস্বামীক আগন্তক পাঁচ বছৰৰ বাবে সমগ্ৰ উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰা অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখ্য যে ২০১৩চনতে প্ৰতিষ্ঠা হোৱা বিশ্ববিদ্যালয়খনত স্থায়ী উপাচাৰ্য নিযুক্তি দিয়াৰ বাবে ছাত্ৰীসকলে বিগত বর্ষসমূহত বিভিন্ন প্ৰতিবাদ,আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছিল। আনহে নালাগে,স্থায়ী উপাচাৰ্য অবিহনে পৰিচালিত হোৱা বিশ্ববিদ্যালয়খনৰ, সোণোৱাল চৰকাৰে শাসন গ্ৰহণ কৰাৰ পিছত স্থায়ী উপাচাৰ্য নথকাৰ বাবে বিশ্ববিদ্যালয়ৰ স্বীকৃতি বাতিল হ'ব বুলি বিগত দুটা বছৰৰ পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰিছিল।তাৰ পিছতে অধ্যয়নৰত ছাত্ৰীসকলৰ সৈতে চৰকাৰৰ সেই সিদ্ধান্ত বাতিল কৰাৰ বাবে বানাৰস হিন্দু বিশ্ববিদ্যালয়, নেহু, জেএনইউ ,চিকিম বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় প্ৰমুখ্যে অসমৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অসম মহিলা বিশ্ববিদ্যালয় ৰক্ষাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল।ইয়াৰ উপৰিও বিশ্ববিদ্যালয় লখনৰ ন্যায্যতাৰ বাবে ছাত্ৰীসকলক প্ৰতি মুহূৰ্ততে সংগ দিছিল সদৌ অসম ছাত্ৰ-সন্থা, কৃষক মুক্তি সংগ্রাম সমিতি প্ৰমুখ্যে অসমৰ বিভিন্ন জাতীয় সংগঠনে। একেদৰে মহিলা বিশ্ববিদ্যালয়খন ৰক্ষাৰ বাবে বুদ্ধিজীৱীৰ কলমতো প্ৰকাশ পাইছিল প্ৰতিবাদ।যাৰ ফলত আজি সুদীৰ্ঘ ছয় বছৰৰ মূৰত বিশ্ববিদ্যালয়খনে লাভ কৰিলে ন্যায়।


আনহাতে,বিশ্ববিদ্যালয়খনত স্থায়ী উপাচাৰ্য নিযুক্তি দিয়াৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা লগে লগে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত ছাত্রীসকলৰ লগতে ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা ছাত্ৰীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দৰ বন্যা।বহুসংখ্যক ছাত্ৰীয়ে সেই আনন্দৰ মুহূৰ্ত সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।

Your Comments