দুৰ্গা পূজাক লৈ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি

durga puja

নিউজ ডেস্ক:
আগন্তক দুৰ্গা পূজা সন্দৰ্ভত মহানগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰে গুৰুত্বপূৰ্ণ বৈঠক।মহানগৰ জিলা উপায়ুক্তৰ নেতৃত্বত বৃহস্পতিবাৰে অনুষ্ঠিত বৈঠকখনত দুৰ্গা পূজা উদযাপন সন্দৰ্ভত গ্ৰহণ কৰা হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।সেই অনুসৰি নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো পূজা মণ্ডপতে সংলগ্ন কৰিব লাগিব চিচিটিভি কেমেৰা।একেদৰে প্ৰতিখন পূজা কমিটীয়ে পৰিষ্কাৰ-পৰিছন্নতাৰ প্ৰতিও দিব লাগিব বিশেষ গুৰুত্ব।বৈঠকতে উপায়ুক্তগৰাকীয়ে পূজাৰ সময়ত প্ৰশাসনৰ বিভিন্ন বিভাগে পালন কৰিব লগা দায়িত্বসমূহৰ বিষয়ে বিস্তাৰিতভাৱে বিশ্লেষণ কৰে।


বিশেষকৈ আগন্তুক দুৰ্গা পূজা যাতে সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত হিচাপে আয়োজন কৰিব পাৰি,তাৰ প্ৰতি দৃষ্টি ৰাখি জিলা প্ৰশাসনে পূজা মণ্ডপসমূহত ক্ষতিকাৰক পলিথিনৰ লগতে থাৰ্মোকলৰ সামগ্ৰী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। 


একেদৰে সকলো পূজা মণ্ডপ সম্পূৰ্ণৰূপে প্লাষ্টিকমুক্ত কৰি যাতে গঢ়ি তোলে,তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সকলো পূজা কমিটীকে উপায়ুক্ত বিশ্বজিৎ পেগুৱে আহ্বান জনায়।লগতে পূজা মণ্ডপসমূহত সুৰক্ষা ব্যৱস্থা আৰু দুৰ্যোগ প্ৰশমন কেনেদৰে যথোপযুক্ত কৰিব পৰা যাব,সেই সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়।সেই অনুসৰি নিৰাপত্তাৰ দিশটোত যাতে অলপো সুৰুঙা ৰৈ নাযায়,তাৰ বাবে সকলো পূজা মণ্ডপত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।  

আনহাতে,পূজাৰ সময়ত সময়ত যাতে মহানগৰীৰ সকলো চৰকাৰী চিকিৎসালয়ত চিকিৎসক উপস্থিত থাকে,তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ জিলা উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশনা প্ৰদান কৰিছে। লগতে, এম্বুলেন্স আৰু জৰুৰীকালীন সেৱা যাতে সকলো সময়তে উপলব্ধ হয়,তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ উপায়ুক্তগৰাকীয়ে বিভাগক  নিৰ্দেশ প্ৰদান কৰিছে। 


একেদৰে আজিৰ বৈঠকতে পূজাৰ সময়ত যাতে বিদ্যুৎ আৰু খোৱা পানী সকলো সময়তে যাতে উপলব্ধ হয়,সেই সন্দৰ্ভত গুৰুত্ব দিবলৈ অসম বিদ্যুৎ বিতৰণ কোম্পানী আৰু জলসম্পদ বিভাগক নিৰ্দেশনা প্ৰদান কৰিছে।

Your Comments