গুৱাহাটীত অপৰাধীৰ ভয় নাই পুলিচলৈ:কুমাৰপাৰাত দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী

guli

নিউজ ডেস্ক:

গুৱাহাটীৰ কুমাৰপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা।বৃহস্পতিবাৰে সন্ধিয়া কুমাৰপাৰাৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হৈছে এই ঘটনা।কুমাৰপাৰাৰ 'শ্যাম ৰ'ড' নামৰ হাৰ্ডৱেৰ প্ৰতিষ্ঠানখনত অচিনাক্ত বন্দুকধাৰীয়ে সংঘটিত কৰে এই গুলীচালনাৰ ঘটনা।দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী শ্যাম চন্দ্ৰ শৰ্মাৰ। আহত শ্যাম চন্দ্ৰ শৰ্মাক সংকটজনক অৱস্থাত আঠগাঁও মাৰোৱাৰী মেটাৰনিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। উল্লেখ্য যে শ্যাম চন্দ্ৰ শৰ্মাৰ ঘৰ আছিল ৰাজস্থানত ।


আনহাতে,প্ৰাপ্ত খবৰ অনুসৰি মটৰ চাইকেলত আহিছিল বন্দুকধাৰী দুৰ্বৃত্তটো।গুলী চালনাৰ ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল দুৰ্বৃত্তটোৱে।ইফালে, দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ বাবে ঘটনাস্থলীত ভৰলু আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।


সমগ্ৰ ঘটনাক লৈ এতিয়া  চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ কুমাৰপাৰা অঞ্চলত। কি কাৰণত এই ঘটনা সংঘটিত হ'ল,সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত।

Your Comments