এইবাৰ বিটিচি কাউন্সিল আমি দখল কৰিম,হাগ্ৰামাৰ ঠাইত আমাৰ চীফ থাকিব- নৱ শৰণীয়া 

btc

বঙাইগাঁওঃ

আজিৰ দিনত নৱ শৰণীয়াৰ লগত যিখিনি মানুহ আছে আমি এটা কথা নিশ্চিতভাৱে ক'ব পাৰো যে এইবাৰ কোকৰাঝাৰৰ বিটিচি কাউন্সিল আমি দখল কৰিম ৷ এইবাৰ হাগ্ৰামাৰ ঠাইত আমাৰ চীফ থাকিব, আমাৰ চৰকাৰ থাকিব ৷ এই দাবী কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ ৷ বুধবাৰে  বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁওস্থিত ৰে'লৱে কাৰখানা পৰিদৰ্শন কৰিবলৈ আহি সংবাদ মাধ্যমৰ আগত সাংসদগৰাকীয়ে এই মন্তব্য কৰে ৷ উল্লেখ্য যে শেহতীয়াভাৱে বিটিচি নিৰ্বাচনৰ পূৰ্বে বি পি এফ আৰু ইউ পি পি এলৰ মাজত যি মিত্ৰতাৰ প্ৰসংগ চলি আছে যদিহে দুই দলৰ মাজত মিত্ৰতা হয় তেতিয়াহলে তেওঁৰ অবড়ো শক্তিৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিব নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত সাংসদ শৰণীয়াই এই দৰে কয় ৷ সাংসদগৰাকীয়ে লগতে কয় যে আজিৰ দিনত আমি ৩৫ খন আসন ল'ব পৰাকে পৰিকল্পনা তথা কৌশল যুগুত কৰি উলিয়াইছো ৷ তাৰোপৰি আমাৰ কাৰণে খুবেই ভাল হ'ল যে যিটো কৌশল তেওঁলোকে শেষত ল'ব লাগিছিল সেইটো প্ৰথমতে ল'লে ৷ লগতে  ইউ পি পি এল আৰু বি পি এফ মাজত বা বিজেপিৰ যে মিত্ৰতা থাকিব তাত কোনো সন্দেহ নাই  ৷ আমাৰ এন ডি এফ বিৰ সংবিজিত গোটকলৈ এটা ভয় আছিল ৷ আমি জনাত সংবিজিৎ পন্থী গোটটো যোৱা দুবছৰ ধৰি হাগ্ৰামাৰ পকেটত সোমাই আছিল ৷ কিন্তু শেহতীয়াকৈ সকলো পোহৰলৈ আহিছে ৷ এতিয়া তেওঁলোকে যুদ্ধ বিৰতিৰ প্ৰস্তাৱ দিছে ৷ আচলতে সংবিজিৎৰ যিটো বি বিদায়ৰ গ্ৰুপ আছে সেই গ্ৰুপটোৱে দুবছৰ পূৰ্বে যুদ্ধ বিৰতিৰ প্ৰস্তাৱ দিছিল ৷ কিন্তু গৃহ মন্ত্ৰণালয়ে  সংবিজিৎ পন্থী গোটটোৱে বহু বেয়া কাম কৰা বুলি কৈ তেওঁলোকৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল ৷ কিন্তু হাগ্ৰামা মহিলাৰীয়ে আজি নিজক বচোৱাৰ ক্ষেত্ৰত যিখিনি কথা কৈছে মই ভাল পাইছো ৷ মই আগতেও কৈছো আৰু এতিয়াও কওঁ যে বি টি এ ডিত যদি কোনো উগ্ৰপন্থীয়ে গুলী ফুটায় বা আমাৰ মানুহক হত্যা কৰে তেতিয়াহলে জানিব যে ইয়াৰ আঁৰত হাগ্ৰামা মহিলাৰী এণ্ড কোম্পানী জড়িত আছে ৷ গতিকে এতিয়া সকলো প্ৰকাশ হৈ গ'ল ,ভাল হ'ল ৷btc2

এটা ভয় আছিল, সম্ভাৱনা আছিল যদিও সেইটো শেষ হৈ গ'ল ৷ গতিকে আমাৰ ওদালগুৰিৰ পৰা একেবাৰে শ্ৰীৰামপুৰলৈকে সকলো ৰাইজে খুলমখুল্লাভাৱে আৰু বিন্দাচভাৱে নিৰ্বাচন খেলিব পাৰিব ৷ আমাৰ ৰাইজৰ এটাই কথা আছিল যে যদিহে আমি খুলমখুল্লাভাৱে নিৰ্বাচন খেলিব পাৰো তেতিয়াহলে আমাক কোনেও হৰুৱাব নোৱাৰিব ৷ সেয়ে যি হৈছে আমাৰ বাবে ভাল হৈছে ৷ মিত্ৰতা কৰক, এটা হওক, দুটা হওক, চাৰিটা হওক আমাৰ ক'বলগীয়া একো নাই ৷ মানুহে ভয় খাইছিল যে হাজাৰ হাজাৰ এ কে ৪৭ লুকুৱাই ৰাখিছে আৰু এন ডি এফ বিৰ আলোচনা বিৰোধী গোটটো তেওঁলোকৰ লগত আছে বুলি ৷ কিন্তু এতিয়া সকলো পোহৰলৈ অহাত আমি আৰু ভয় কৰাৰ কোনো কথা নাই ৷ আনহাতে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে সাংসদগৰাকীয়ে বি টি চি ৰ জনসাধাৰণৰ মাজত বিভাজনৰ ৰাজনীতি কৰি অহাৰ লগতে সংঘাটৰ সৃষ্টি কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰা বুলি সাংবাদিকে প্ৰশ্ন কৰাত সাংসদ নৱ শৰণীয়াই কয় যে ২০০৩ চনত যিখন বি টি চি চুক্তি হ'ল সেই চুক্তিখন হোৱাৰ পিচত যদি অন্তত তেওঁলোকে বন্দুকটো বন্ধ কৰিলেহেতেন বা জনসাধাৰণৰ ওপৰত হত্যা,আক্ৰমণ, হিংসাত্মক কাৰ্য- কলাপ বন্ধ কৰিলেহেতেন তেতিয়াহলে কিন্তু এই পৰিস্থিতি নহলেহেতেন ৷ ইয়াৰ কাৰণে অকল হাগ্ৰামা মহিলাৰী নহয় বৰং প্ৰমোদ বড়োৰ নিচিনা লোকসকলো দায়ী। তেওঁ লগতে বড়ো উগ্ৰ জাতীয়তাবাদক যি কোনো মূল্যৰ বিনিময়তে ৰোধ কৰা হ'ব বুলিও মন্তব্য কৰে৷ তাৰ সলনি প্ৰগতিশীল যিসকল বড়ো লোক আছে তেওঁলোকৰ লগত লগ লাগি  বি টি চিৰ পৰিৱৰ্তনৰ স্বাৰ্থত একেলগে কাম কৰিবলৈ আমি বদ্ধপৰিকৰ ৷ সংসদ গৰাকীয়ে এটা কথা কৈ থও বুলি কৈ কয় যে তেওঁলোকে যিটো ভাবি আছে সেইটো কেতিয়াও নহয় ৷ নৱ শৰণীয়া ইয়াত আহিছে ৰাইজৰ মাজত শান্তি-শৃংখলা আৰু এটা ৰাজনৈতিক বুজাবুজিৰ কাৰণে আহিছে ৷ কাৰণ বিজেপিয়ে জম্মু- কাশ্মীৰত ৩৭০ অনুচ্ছেদ আৰু ৩৫ (এ) ধাৰা  প্ৰত্যাহাৰ কৰিলে তেতিয়া আমাৰ সকলো মানুহে বাহ বাহ দিছে ৷ কিন্তু অসমত আহি কৈছে যে ৩৭১ অনুচ্ছেদ আমি কোনো কাৰণতে প্ৰত্যাহাৰ নকৰো ৷ গৃহমন্ত্ৰী অমিত শ্বাহে নেডাৰ বৈঠকতো কৈছে আৰু পূৰ্বেও কৈছে ৷ কিন্তু ইয়াত ৩৭১ অনুচ্ছেদৰ অধীনতহে আমাৰ জনজাতি বেল্ট- ব্লক,ষষ্ঠ অনুসূচী আদি সংৰক্ষিত হৈ আছে ৷ সেয়ে একমাত্ৰ নৱ শৰণীয়া আৰু লগত থকা আমাৰ মানুহখিনিৰ দাবী যে ৩৭১ অনুচ্ছেদৰ সংশোধন কৰিবই লাগিব ৷ ইয়াক সংশোধন নকৰালৈকে আমি যুঁজ দি যাম ৷ ইতিমধ্যে আমাৰ ৰাজনৈতিক দল হ'বলৈ গৈ আছে আৰু ২২ তাৰিখে সেয়া চূড়ান্ত হ'ব লগতে বি টি চি সেনা গঠনৰ সিদ্ধান্তও চূড়ান্ত হ'ব বুলি কয় ৷ সাংসদগৰাকীয়ে আনকি ভবিষ্যতৰ স্বাৰ্থত তথা পলিচীবিলাক সলনি কৰাৰ স্বাৰ্থত প্ৰয়োজনত অসম চৰকাৰ গঠন কৰাৰ কাৰণেও  সাজু হৈ আছো বুলি মন্তব্য কৰে৷ ৷কংগ্ৰেছ দলো একে বিজেপি দলো একে ৷ সেই কাৰণে কৈছো যে যেতিয়ালৈকে আমাৰ নিচিনা মানুহবিলাক গৈ পলিচী মেকিঙত যাব নোৱাৰিব সিদিনালৈকে ৰাইজৰ হৈ কথা কোৱা, ৰাইজৰ পক্ষত সিদ্ধান্ত লোৱা আৰু ৰাইজৰ হৈ কাম কৰা মানুহ কেতিয়াও নাপাব ৷ কাৰণ আজি যিসকল আছে তেওঁলোক দিল্লীৰ বহতীয়া ৷ কংগ্ৰেছৰ মানুহকে কওঁক বা বিজেপিৰ মানুহকে কওঁক ৷ সেয়ে নৱ শৰণীয়াক আনে কি কয় কৈ থাকক ৷ আমি আমাৰ লক্ষ্য আৰু উদ্দেশ্যত স্থিৰ আৰু ৩৭১ অনুচ্ছেদ সংশোধন কৰি হলেও বি টি এ ডি ত থকা অনাবড়ো তথা যিসকল জাতি- জনগোষ্ঠীৰ লোক আছে তেওঁলোকক নিজৰ  অধিকাৰ আৰু মৰ্যদা দিয়াৰ পৰা আমি এক বিন্দুও পিছহুহুকি নাহো ৷ উল্লেখ্য যে সাংসদগৰাকীয়ে ৰে'লৱে কাৰখানৰ পৰা বিভিন্ন সময়ত সামগ্ৰী চুৰিকে ধৰি সংঘটিত হৈ অহা নানা খেলিমেলিৰ অভিযোগ সন্দৰ্ভত কাৰখানাটো পৰিদৰ্শন কৰিবলৈ আহে ৷ সাংসদগৰাকীয়ে ইউনিয়নৰ বিষয়ববীয়া আদিৰ লগত সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ লগতে কাৰখানাটোৰ মুখ্য প্ৰৱন্ধক আদিৰ সৈতেও আলোচনা কৰি বিভিন্ন কাম- কাজ তথা উত্থাপিত অভিযোগ সন্দৰ্ভত বুজ লয় ৷

Your Comments