ব্যৰ্থ এছবিআই : উত্তৰ-পূৰ্বাঞ্চলৰ ৪৮শতাংশ এটিএমতে নাই চিচিটিভিৰ ব্যৱস্থা

SBI ATM

তপন বৰগোঁহাই প্ৰতিবেদন:


সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ তথা উত্তৰ-পূৰ্বাঞ্চলত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে এটিএমৰ জৰিয়তে একাংশ দুষ্টচক্ৰই গ্ৰাহকৰ ধন আত্মসাত কৰাৰ ঘটনা। নিতৌ নতুন নতুন কৌশল প্রয়োগ কৰি দুষ্ট চক্ৰসমূহে গ্ৰাহকৰ ধন আত্মসাত কৰাৰ বাবে এতিয়া প্ৰধান লক্ষ্য হিচাপে বাচি লৈছে এটিএম ব্যৱস্থাক।চলিত বর্ষৰ পহিলা এপ্ৰিলৰ পৰা যোৱা ৩১আগষ্টলৈ কেৱল উত্তৰ-পূৰ্বাঞ্চলতে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটিএমৰ পৰাই দুৰ্বৃত্তই ধন আত্মসাত কৰাৰ ঘটনাৰ সংঘটিত হৈছে  ১৪৭টা আৰু এই ঘটনাৰ জৰিয়তে দুৰ্বৃত্তই ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰা লুট কৰা মুঠ ধনৰ পৰিমাণ হৈছে ৬১লাখ টকা। এই কথা শনিবাৰে নিউজ এছএনৰ আগত প্ৰকাশ কৰিছে  ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূৰ্বাঞ্চলৰ মাণ্ডলীক কাৰ্যলয়ৰ এটিএম শাখাৰ সহকাৰী মহাপ্ৰৱন্ধক প্ৰদীপ কুমাৰ সেনে।

ইয়াৰ উপৰিও সহকাৰী মহাপ্ৰৱন্ধক গৰাকীয়ে অৱগত কৰা এক তথ্যত পোহৰলৈ আহিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ  প্ৰায় ৪৮ শতাংশ ষ্টেট বেংকৰ এটিএমত নাই কোনো নিৰাপত্তা ব্যৱস্থা।তেওঁ প্ৰকাশ কৰা হিচাপ অনুসৰি বৰ্তমান সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এছবিআইৰ অধীনস্থ এটিএম আছে ১৮০২টা। তাৰে ১০০০টা  এটিএমত বৰ্তমান সময়ত চিচিটিভি ব্যৱস্থা কৰা আছে যদিও বাকী ৮০২টা এটিএমত নাই কোনো চিচিটিভি ব্যৱস্থা।আনহাতে এটিএম সমূহ সুৰক্ষাৰ বাবে বিভাগৰ ফালৰ পৰা নিৰাপত্তাৰক্ষী ব্যৱস্থা আছে নেকি বুলি প্ৰশ্ন কৰাত সেনে কয় "পূৰ্বতে এটিএম সমূহত নিৰাপত্তাৰ দায়িত্বত বিভাগৰ ফালৰ পৰা নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছিল। এই নিৰাপত্তাৰক্ষী সমূহ নিয়োগ কৰাৰ বিনিময়ত ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰতিমাহতে এক বৃহৎ পৰিমাণৰ পুঁজি ব্যয়ো কৰিব লগা হৈছিল। সেই ব্যয় কৰা বৃহৎ পুঁজিৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে এছবিআইৰ অধীনস্থ এটিএম সমূহত এতিয়া নিৰাপত্তাৰক্ষী নিয়োগ নকৰি চিচিটিভি আৰু অনলাইন নিৰীক্ষণ(ই-ছাৰ্ভিলেন্স)ৰ ব্যৱস্থা কৰা হৈছে"। লগতে তেওঁ জানিবলৈ দিয়া অনুসৰি বৰ্তমান সময়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মুঠ ৫০০টা এটিএমত অনলাইন নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। তাৰে ২৯১টা অসমৰ বুলি তেওঁ জানিবলৈ দিয়ে।

ইফালে মাণ্ডলীক কাৰ্য্যালয়টোৰ তথ্য অনুসৰি ২০১৭চনৰ পৰা এটিএমৰ পৰা দুৰ্বৃত্তই নতুন নতুন প্ৰযুক্তি প্ৰয়োগ কৰি ধন আত্মসাত কৰি আহিছে। সেই অনুসৰি ২০১৮-১৯ বর্ষত এনেধৰণৰ ঘটনাৰ বৃদ্ধি পাইছিল।ঠিক একেদৰে চলিত বর্ষতো(২০১৯-২০) এনে ঘটনা সম পৰিমানে সংঘটিত হৈছে বুলিও অৱগত কৰে।

আনহাতে যোৱা ১৭আগষ্টত গুৱাহাটীৰ লাষ্টগেটৰ ষ্টেট বেংকৰ এটিএমত দুষ্কৃতিকাৰীয়ে কাৰ্ড স্কেনাৰ আৰু স্পায় কেমেৰা সংলগ্ন কৰি গ্ৰাহকৰ ধন আত্মসাত কৰাৰ ঘটনাটোৰ সন্দৰ্ভত বিষয়া গৰাকীয়ে কয়"এই পদ্ধতিক হেকাৰ বুলি কোৱা নহয়। এই পদ্ধতিক স্কাইমিং বুলি কোৱা হয়।এনেদৰে স্কাইমিং কৰি স্কেনাৰ আৰু স্পাই কেমেৰা সংলগ্ন কৰা ঘটনা অসমত এয়ে প্ৰথম। পূৰ্বতে এনে কৌশল প্ৰয়োগ কৰা হোৱা নাছিল।কিন্তু তাৰ সমান্তৰালকৈ গ্ৰাহক সকলৰ মাজতো এতিয়া সচেতনতা বৃদ্ধি পাইছে। যাৰ বাবে খুব তক্ষণাতে পোহৰলৈ আহিল ভয়ংকৰ ঘটনাটো "। উল্লেখ যে লাষ্টগেটৰ বাহিৰেও লাচিত নগৰৰ ষ্টেট বেংকৰ এটিএমতো এনে প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল।


ইফালে গ্ৰাহক সকলক এনে দুষ্কৃতিকাৰীৰ পৰা নিজকে কেনেদৰে সুৰক্ষা কৰিব লাগিব সেই সন্দৰ্ভত সেনে কয় "প্ৰতিগৰাকীৰ গ্ৰাহকে এটিএম ব্যৱহাৰ কৰোতে যেতিয়া গোপন সংখ্যা ব্যৱহাৰ কৰে তেনে সময়ত প্ৰতিজন ব্যৱহাৰকাৰীয় সংখ্যাৰ তালিকাখনৰ ওপৰত এখন হাতেৰে ঢাকি অন্যখন হাতেৰে নিজৰ গোপন সংখ্যাতো ব্যৱহাৰ কৰিব লাগে।কাৰণ তেনে কৰিলে দুৰ্বৃত্তই স্পায় কেমেৰা সংলগ্ন কৰি থলেও গোপন সংখ্যাকেইটা আবদ্ধ কৰিব নোৱাৰিব"।এই গোপন সংখ্যা কেইটা নাপালে দুৰ্বৃত্তই কাৰ্ড স্কেন কৰিলেও ধন উইলিয়াই নিব নোৱাৰিব।

গুৰুত্বপূৰ্ণ কথা এই যে যদি কোনো গ্ৰাহকৰ ধন উঠাই লৈ যায় তেওঁ নিজৰ মোবাইলত এছএমএছৰ জৰিয়তে অৱগত হ'ব । তেনে মুহূৰ্তত তেওঁ কোনো পলম নকৰি এটিএম কাৰ্ডখন ফোন যোগেৰে ব্লক কৰিব লাগে।কাৰণ এটা দিনত এজন গ্ৰাহকে এক সীমিত পৰিমাণৰ টকাহে উলিয়াব পাৰে। উক্ত হিচাপত তেওঁ কাৰ্ডখন ব্লক কৰি দিলে বাকী টকাসমূহ সুৰক্ষিত হৈ থাকিব।ইয়াৰ উপৰিও পাছৰ পৰ্য্যায়ত এছবিআইৰ যিকোনো শাখাতে ঘটনা সন্দৰ্ভত লিখিত ভাৱে অৱগত কৰি স্থানীয় আৰক্ষী থানাত গোচৰ দাখিল কৰিব লাগে।


এজন এছবিআই গ্ৰাহকে তেনে অসাধু চক্ৰৰ বলি হৈ নিজৰ সাঁচতীয়া ধন হেৰুৱালে পুনৰ সেই হেৰুৱা ধন এছবিআই পৰা পাব পৰাৰো এক ব্যৱস্থা আছে বুলি তেওঁ উল্লেখ কৰে। সেই কি প্ৰক্ৰিয়াৰে লাভ কৰিব পাৰে সেই সন্দৰ্ভত তেওঁ নিয়ম সমূহ অৱগত কৰি কয় যে প্ৰথমে গ্ৰাহক গৰাকীয়ে নিজৰ বেংকত গৈ কিছুমান প্ৰমাণ দিব লাগিব। তাৰ ভিতৰত প্ৰথম তেওঁ প্ৰমাণ কৰিব লাগিব যে দুষ্কৃতিকাৰীয়ে ধন উলিওৱা সময়ত এটিএম কাৰ্ডখন তেওঁৰ লগত আছিল ।ইয়াৰ উপৰিও ধন উলিওৱা সময়ত তেওঁ ক'ত আছিল তাৰো উপযুক্ত প্ৰমাণ দিব লাগিব।
উদাহৰণস্বৰূপে যদি তেওঁ চাকৰিয়াল হয় সেই সময়ত যদি তেওঁ কৰ্মস্থলীত আছিল তাৰ প্ৰমাণ দিব লাগিব।

ইয়াৰ উপৰিও ৱাৰ্ড মেম্বাৰ, গাওঁবুঢ়া, ক'ৰ্ট এফিডেফিটৰ জৰিয়তে তেঁও প্ৰমাণ দাখিল কৰিব লাগিব।সেই সমূহ সকলো পৰীক্ষাৰ নিৰীক্ষা কৰি গ্ৰাহক গৰাকীক এছবিআইয়ে ধন ঘূৰাই দিয়া ব্যৱস্থা কৰিব। তাৰ বাবে প্ৰায় ডেৰ মাহৰ সময় প্ৰয়োজন বুলি সহকাৰী মহাপ্ৰৱন্ধক প্ৰদীপ কুমাৰ সেনে জানিবলৈ দিয়ে।

Your Comments