বিজেপিয়ে এনআৰচিখনৰ কাম কৰাৰ বাবে সেইখন পেলনীয়া কাগজ হ'ল-ৰিপুণ বৰা

ripun

নিউজ ডেস্ক:

বুধবাৰে ৰাজীৱ ভৱনত এনআৰচি সন্দৰ্ভত কংগ্ৰেছৰ চাৰিজনকৈ জ্যেষ্ঠ নেতাই এখন সংবাদমেলৰ আয়োজন কৰে।সংবাদমেলখন সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই কয়-'৩১তাৰিখে এনআৰচিৰ সম্পূৰ্ণ তালিকা ওলোৱাৰ পিছত বিজেপিয়ে এতিয়া কিয় এনআৰচিখন নামানো বুলি কিয় কৈছে? এতিয়া কিয় ইয়াত বিদেশীৰ নাম সোমাইছে বুলি কৈছে। আমি বিজেপিৰ দুমুখীয়া চৰিত্ৰ অসমৰ মানুহৰ আগত দাঙি ধৰিছো।এতিয়া যে বিজেপিয়ে এনআৰচিক লৈ কান্দিছে আগতে কিয় আপত্তি প্ৰদৰ্শন নকৰিলে।'


'বিজেপিয়ে বিদেশীৰ বজাৰ খুলি ৰাখিবলৈ বিচাৰিছে। কেৱল ভোটৰ স্বাৰ্থত বিদেশী খেদাৰ কথা কৈ থাকে,কিন্তু ইয়াৰ সমাধান হোৱাটো তেওঁলোকে নিবিচাৰে।অসমত বিদেশীৰ সমস্যাটো তেওঁলোকে চিৰদিন ৰাখিব বিচাৰিছে।ৰঞ্জিত দাসে এতিয়া কৈছে যে এই এনআৰচিখন আমি মানি নলও।তেওঁলোকে এই এনআৰচিখন মানি নোলোৱাৰ কাৰণ হ'ল ইয়াত ৰাম ভক্ত,হনুমান ভক্তৰ নাম নাই'-ৰিপুণ বৰাই মন্তব্য কৰে।

বৰাই লগতে কয়-'এজন  মানুহকে ৭-৮ বাৰকৈ  বিভিন্ন ঠাইলৈ হিয়েৰিঙৰ বাবে মতাৰ পিছতো যদি বিদেশীৰ নাম সোমাইছে,তেনেহলে ইয়াৰ বাবে বিজেপি চৰকাৰ দায়ী। আমি এনআৰচিখন কৰা হ'লে এইখন এখন ঐতিহাসিক দলিল হ'লহেতেন। কিন্তু বিজেপিয়ে কৰাৰ বাবে এইখন পেলনীয়া কাগজ হ'ল।'   

'আমি এনআৰচি প্ৰস্তুত কৰা হ'লে কোনো ভাৰতীয়ৰ নাম বাদ নপৰিল হয়।অমিত শ্বাহে অসমলৈ আহি এটাও বিদেশী থাকিবলৈ নিদিওঁ বুলি ক'লেই নহ'ব।যদি বিদেশী থাকিবই নিদিয়ে,তেনেহলে 'কেব' কিয় আনিবলৈ বিচাৰিছে।তেওঁলোকে সাপ হৈ খুটি বেজ হৈ জাৰিছে। কিন্তু অসমৰ ৰাইজক টেঙা আম বাৰে বাৰে বেচিব নোৱাৰে'- ৰিপুণ বৰাই মন্তব্য কৰে। 

তেওঁ আৰু কয়-'অসমৰ ৰাইজে আমাৰ কথা নুশুনি বিজেপিক ভোট দিলে। কিন্তু সেই বিজেপি চৰকাৰক ভোট দিয়াৰ পিছত এতিয়া গৃহমন্ত্ৰীয়ে  'কেব' আনিব বুলি কৈছে আৰু ইয়াৰ কাট অফ ডেট ৩১ ডিচেম্বৰ,২০১৪ হ'ব। 


'তেওঁলোকে গাৰ জোৰেৰে 'কেব' পাছ কৰি লৈ যাব পাৰে। কিন্তু কংগ্ৰেছ দলে অসমৰ জাতীয় স্বাৰ্থ অক্ষুন্ন ৰখাৰ স্বাৰ্থত ইয়াৰ বিৰুদ্ধে মাত মাতি যাম' বুলিও কংগ্ৰেছ  সভাপতিগৰাকীয়ে মন্তব্য কৰে।


অগপ দলৰ সভাপতি অতুল বৰাক প্ৰশ্ন কৰি তেওঁ কয়- "অমিত শ্বাহে 'কেব' আনিম বুলি কওঁতে উত্তৰ-পূৰ্বাঞ্চলৰ যে তিনিজন মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদ কৰিব পাৰিলে, তেনেহলে আপোনালোকৰ জাতীয় নায়ক হৈ সৰ্বানন্দই কিয় প্ৰতিবাদ কৰিব নোৱাৰিলে।আপোনালোকৰ ভণ্ডামি ৰাইজৰ মাজলৈ লৈ যাম।' 


আনহাতে,সংবাদমেলখনত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয়- 'আজি বিজেপি চৰকাৰে নিজে দায়িত্ব পালন নকৰি এতিয়া ৰাইজৰ ওচৰত প্ৰতীক হাজেলাৰ গাত দোষ জাপি দিবলৈ বিচাৰিছে। বিজেপিয়ে এনআৰচি আৰম্ভ কৰিছে বুলি সকলোকে কৈ ফুৰিছিল। কিন্তু সেই বিজেপিয়ে আজি কৈছে যে আমাৰ গাত দোষ নাই,প্ৰতীক হাজেলাৰ ওপৰত দোষ আছে।উচ্চতম ন্যায়ালয়ে কামবোৰ তদাৰকহে কৰিছে। তেওঁলোক ইয়াৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয়। আচল কামবোৰ বিজেপিয়ে হে কৰিছে।'

'বিজেপিৰ কাৰোৰে প্ৰতি আন্তৰিকতা নাই। নিৰ্বাচনৰ আগত বিজেপিয়ে ২৪ ঘণ্টাই বিদ্যুৎ দিম বুলি কৈছিল কিন্তু এতিয়া ঘণ্টাত ২৪ বাৰকৈ বিদ্যুৎ কৰ্তন কৰিছে। নিৰ্বাচনৰ আগত যিবোৰ কথা কৈছিল,সেইবোৰ এতিয়া পালন কৰক" বুলিও ৰকিবুল হুছেইনে কয়। 


ইফালে,যিসকল ভাৰতীয়ৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে,সেইসকল লোকক সহায় কৰিবৰ বাবে ৫৭  জনীয়া এটা দল অসমৰ বিভিন্ন ঠাইলৈ যাব। যেতিয়ালৈকে নাম বাদ পৰা ভাৰতীয় লোকৰ শেষৰজনৰ নাম এনআৰচিত নাহে, তেতিয়ালৈকে আমি সহায় কৰি যাম বুলিও তেওঁলোকে জানিবলৈ দিয়ে।

Your Comments