নিউজ ডেস্ক:
অহা ৫ নৱেম্বৰৰ পৰা ১০ দিনীয়াকৈ অনুষ্ঠিত হ'ব 'পুৰষ্ক মেলা'।চেন্নাইৰ মহালক্ষ্মী চেৰিটেবল ট্ৰাষ্ট আৰু গুৱাহাটীৰ তিৰুপতি শ্ৰীবালাজী সেৱা সমিতিয়ে এই মেলাৰ আয়োজন কৰিছে।এই প্ৰসংগত বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত 'দুৰ্নীতি বিৰোধী অসম'-ৰ নেতৃবৃন্দই এখন সংবাদমেল সম্বোধন কৰে।
সংবাদমেলখন সম্বোধন কৰি দুৰ্নীতি বিৰোধী অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয়-'পাপ মোচনৰ বাবে ১০ দিনীয়াকৈ অনুষ্ঠিত হ'ব লগীয়া এই পুৰষ্কমেলা পাপ মোচনৰ মেলা নহৈ ই ব্ৰহ্মপুত্ৰক প্ৰদূষণ কৰা মেলাহে হ'ব।'
'দেশৰ বিভিন্ন ঠাইকে ধৰি দাক্ষিণাত্যৰ পৰা আহিব লগীয়া দুই লাখতকৈও অধিক সাধু-সন্যাসীয়ে এই মেলাৰ নামত ব্ৰহ্মপুত্ৰত স্নান কৰিব। এই সাধু-সন্তসকলে স্নান কৰাৰ ফলত অসমৰ প্ৰাণস্বৰূপ মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী লেতেৰা আৰু প্ৰদূষিত হোৱাৰ লগতে নদীখনত থকা মৎস্য আৰু জলজ প্ৰাণীবোৰলৈও ভাবুকি আহিব।সেয়েহে এই সাধু-সন্তসকলৰ চৰকাৰে মেডিকেল টেষ্ট কৰোৱা উচিত, যাতে এইসকলে ব্ৰহ্মপুত্ৰত স্নান কৰাৰ বাবে নদখন লেতেৰা নহয়'-গগৈয়ে কয়।
লগতে তেওঁ কয়-'এই মেলা অনুষ্ঠিত হ'লে মহানগৰীত যথেষ্ট যান- যঁপৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত প্ৰশাসনৰ লোকসকল এই মেলাতে ব্যস্ত হৈ পৰিব লাগিব। যাৰ ফলত বিভাগীয় কামবোৰ ৰৈ যাব।'
গতিকে এই মেলাৰ বাবে চৰকাৰে যাতে অনুমতি প্ৰদান নকৰে,তাৰ বাবে দুৰ্নীতি বিৰোধী অসমে কামৰূপ মহানগৰ জিলা উপায়ুক্ত তথা পাণবজাৰ আৰক্ষী আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।
' অসমৰ বানপানীৰ সময়ত চৰকাৰে ৰাইজৰ ওচৰত সহায় বিচাৰিবলগীয়া হৈছিল। কিন্তু উৎসৱ-পাৰ্বনৰ বাবে চৰকাৰে এতিয়া ক'ত পইচা পালে । যদি পুষ্কৰমেলাৰ বাবে চৰকাৰে এটা পইচাও খৰছ কৰে ,তেনেহলে আমি তীব্ৰ বিৰোধিতা কৰিম-ধৰ্মকান্ত গগৈয়ে মন্তব্য কৰে
আনহাতে একেখন সংবাদমেলতে দুৰ্নীতি বিৰোধী অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে বছৰ বছৰ ধৰি অসমত চলি অহা ভুৱা মহাবিদ্যালয়সমূহৰ কথাও উল্লেখ কৰে।
তেওঁ কয় যে ২০১৬ চনতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ লখিমপুৰ, ধেমাজিকে ধৰি উজনি অসমৰ ৪২ খন ভুৱা মহাবিদ্যালয় চিনাক্ত কৰিছিল।কিন্তু বিশ্ববিদ্যালয়খনৰ দায়িত্বশীল বিভাগৰ সঞ্চালক ৰূপক শইকীয়াই পত্ৰযোগে ভুৱা মহাবিদ্যালয় বুলি ঘোষণা কৰাৰ পিছতো বৰ্তমানলৈকে এই কলেজসমূহ চলিয়েই
আছে।'
' ইয়াৰে বেছিভাগ মহাবিদ্যালয়ে কাগজে-কলমেহে চলি থকাৰ লগতে জনজাতি কল্যাণ শিতানৰ পৰা চৰকাৰ আৰু কাউন্সিলৰ অনুমোদন ক্ৰমে কোটি কোটি টকা লাভ কৰি আছে। অৰ্থাৎ জনজাতীয় মিছিং অধ্যুষিত অঞ্চল হিচাপে জনজাতীয় কল্যাণ পুঁজিৰ ধন একাংশ লুভীয়া কৰ্মচাৰী আৰু এই ৪২ খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলে মিলি এক গোপন বুজাবুজিৰে জনজাতীয় কল্যাণ পুঁজিৰ পৰা কোটি কোটি টকা আবন্টন লৈ উদৰস্থ কৰিছে'- গগৈয়ে জানিবলৈ দিয়ে।
এই ৪২ খন মহাবিদ্যালয়ৰ ওপৰত যদি
৩৬ ঘণ্টাৰ ভিতৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহলে এই কলেজকেইখনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিব বুলিও গগৈয়ে কয়।
- Log in to post comments
- 71 views