দেৱব্ৰত শইকীয়াই মোক মুখ্যমন্ত্ৰী পতা নাছিল,মই কাকো কেয়াৰ নকৰোঁ - তৰুণ গগৈ

tarun gogoi

নিউজ ডেস্ক :
যোৱা কালি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিল গৃহীত কৰাৰ দৃঢ় স্হিতি ঘোষণা কৰাৰ পিছতেই এই সন্দৰ্ভত মঙ্গলবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। 


সংবাদমেলখন সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় " দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে যোৱাকালি "কেব" অনাৰ যি ঘোষণা কৰিলে সেই ঘোষণাৰ ফলত উত্তৰ পূৱৰ জাতীয় জীৱনৰ যথেষ্ট ক্ষতি হ'ব। আৰু ইয়াৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক দায়ী কৰিছোঁ। বিজেপি দলটোৱে সাহসেৰে যদি কলে হেতেন এই বিলখনে অসমৰ ক্ষতি কৰিব তেনেহলে তেওঁলোকে অলপ চিন্তা কৰিলে হয়"। 

" গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতে বিধেয়কখনক বিৰোধিতা কৰাৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা, নাগালেণ্ডৰ মুখ‍্যমন্ত্ৰী নেফিউ ৰিঅ'আৰু মিজোৰামৰ মুখ‍্যমন্ত্ৰী জোৰামথাংগাক ধন্যবাদ জনাই তেওঁ কয় যে"  এই তিনিও জন মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে অমিত শ্বাহৰ সন্মুখত এই বিল খনে যে উত্তৰ পূবৰ ক্ষতি কৰিব সেই কথা কোৱাৰ সাহস প্ৰদৰ্শন কৰিলে। আমাৰ কেইজনে ক্ষমতাৰ কাৰণে প্ৰকৃত সত্য কথাটো নকলে। ক্ষমতাৰ বাবে অমিত শ্বাহৰ গুণ-গান হে গালে" বুলিও তেওঁ মন্তব্য কৰে।  

নেডাৰ সভাত মৌন হৈ থকা অগপ দলৰ সভাপতি অতুল বৰাক বদন আখ্যা দি তৰুণ তেওঁ কয় যে অতুল বৰাৰএষাৰ মাতিবলৈ সাহস নহল। তাতকৈ দুৰ্ভাগ্যজনক একো কথাই হ'ব নোৱাৰে। তেওঁৰ মতে যোৱাকালিৰ দিনত অসমৰ বুৰঞ্জীত ক'লা দিন হৈ থাকিব" বুলিও তেওঁ প্ৰকাশ কৰে। 

"বিধেয়কখন যদি আনিব লগীয়া আছিলেই তেনেহলে এন আৰ চি খনক লৈ ভেকো ভাওনা কিয় কৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে। এন আৰ চি খনক গুৰুত্বহীন কৰি তোলাৰ বাবে অমিত শ্বাহ দায়ী বুলিও তেওঁ প্ৰকাশ কৰে।এই ক্ষেত্ৰত  গৃহমন্ত্ৰীয়ে এই বিষয়ত ফেল কৰিলে" বুলিও তৰুণ গগৈয়ে মন্তব্য কৰে। 


আনহাতে বিধায়নি দলৰ সভাপতি দেৱব্ৰত শইকীয়াই এন আৰ চি খনক লৈ কৰা মন্তব্যত গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দেৱব্ৰত শইকীয়াই যি কয় কওক। তেওঁৰ কথাত গুৰুত্ব দি লাভ নাই । দেৱব্ৰত শইকীয়াই মোক মুখ্যমন্ত্ৰী বনোৱা নাছিল নহয়। 

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক আক্ৰমণৰ লক্ষ কৰি লৈ তেওঁ পুনৰ কয় যে " বিধেয়ক খন বিৰোধিতা কৰে যদি প্ৰফুল্ল মহন্তই নেডাৰৰ পৰা ওলাই নাহে কিয়? দুটা ফৈদত নহয় যি কোনো এটা ফৈদত ভৰি দিয়ক" বুলিও তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীলৈ আহ্বান জনায়।

"আমি বাঃ বাঃ  লবৰ বাবে মিছা কথা বোৰ নকওঁ। এওঁলোকৰ চৰকাৰৰ অহাৰ পিছত উত্তৰ পূৱৰ কি উন্নয়ন হৈছে?  উত্তৰ পূৰ্বাঞ্চলত উন্নয়ন আমাৰ দিনত হৈছিল। মাজুলীৰ দলংৰ বাবে এটাও খুটা পোতা নাই। মেট্ৰ আজি ক'ত নাইকিয়া হ'ল বুলিও কটাক্ষ কৰে।

ইফালে সদ্য প্ৰাক্তন কংগ্ৰেছী সাংসদ ভুৱনেশ্বৰ কলিতাৰ প্ৰসংগত তেওঁ কয় যে "ভুৱনেশ্বৰ কলিতাই ক্ষমতাৰ বাবে গৈছে। নেতা যাওক কিন্তু কৰ্মীবোৰ আছে। জোন যায় যাওক আমি কেয়াৰ নকৰোঁ। 


আনহাতে একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভতো মন্তব্য কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা এজন দুই নম্বৰী নেতা । হিমন্ত বিশ্ব শৰ্মাই সকলো সময়তে  অমিত শ্বাহক ছালাম দি থাকে ,বিজেপিত ইফালে সিফালে চাৰিওফালে ছালাম দি থাকে হিমন্তই। মুৰ দোৱাই থকা নেতা আমি নহয় বুলিও তৰুণ গগৈয়ে সংবাদমেলখনত মন্তব্য কৰে।

Your Comments