গুৱাহাটী ৰে'ল ষ্টেচন ড: ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ দাবী 'আছু' নেতৃত্বৰ

bhupen hazarika

নিউজ ডেস্ক:

বিশ্ববৰেণ্য শিল্পী, ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ দেওবাৰে ৯৩ সংখ্যক জন্মদিনটো সদৌ অসম ছাত্ৰ সন্থাই কামৰূপ(ম)জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত 'উদ্দীপনা' শীর্ষক অনুষ্ঠান আয়োজেনেৰে উদযাপন কৰে।ইয়াৰ পূৰ্বে দেওবাৰে পুৱাই বৰেণ্য শিল্পীগৰাকীৰ জালুকবাৰীস্থিত সমাধিস্থলীত শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই।  


উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-'নতুন প্ৰজন্মই যাতে বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা ,ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক চিৰন্তন যাতে স্মৰণ কৰি আজিৰ এই ধাৰা ৰক্ষা কৰিব পাৰে,তাৰ বাবে তেওঁলোকৰ নামত চৰকাৰে প্ৰেক্ষাগৃহ স্থাপন কৰিব লাগে।'ইয়াৰ উপৰিও ভট্টাচাৰ্যই দাবী জনাই কয়- 'ভূপেনদাৰ সমাধিক্ষেত্ৰৰ পৰিসৰ আজি একা-বেকা হৈ আছে।সেই একা-বেকা নাইকিয়া কৰাৰ বাবে সমাধিক্ষেত্ৰৰ পৰিসৰ আহল-বহল কৰিব লাগে।যাতে পৃথিৱীৰ যিকোনো ব্যক্তিয়ে আহি ইয়াত থিয় হ'লে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক অনুমান কৰিব পাৰে।এই ক্ষেত্ৰত চৰকাৰ আগবাঢ়ি আহি গুৱাহাটীৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব লাগে।'লগতে বিশ্ববিদ্যালয়ে এই বিষয়টোত সহযোগ কৰিব বুলিও তেওঁ আশা ব্যক্ত কৰে।


ভট্টাচাৰ্যই চৰকাৰক সমালোচনা কৰি কয়-'অসমৰ গাঁৱে-ভূঁৱে ৰাইজ, বিভিন্ন অনুষ্ঠান, সাংস্কৃতিক গোষ্ঠীয়ে যি যেনেকৈ পাৰে ভূপেনদাৰ সৃষ্টিক যুগমীয়া কৰি ৰখাৰ বাবে বাবে কাম কৰিছে। কিন্তু চৰকাৰে এই গোটেই কামখিনি অধিক ফলপ্ৰসূভাৱে আগুৱাই নিয়াৰ ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত চৰকাৰে তাৎক্ষণিকভাৱে ফলাফল দিব লাগে অন্যথা চৰকাৰে প্ৰকাশ কৰিব লাগে ভূপেনদাৰ বাবে তেওঁলোকৰ কাম কৰা ইচ্ছা আছে নে নাই।'

ইফালে,সমাধিক্ষেত্ৰত উপস্থিত থাকি 'আছু' সভাপতি দীপাংক নাথে অসমৰ ৰাইজে দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা সুধাকন্ঠক 'ভাৰত ৰত্ন' প্ৰদান কৰা বিষয়টো শেহতীয়াভাৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গুৰুত্ব দিয়াৰ বাবে প্ৰথমে ধন্যবাদ জনায় চৰকাৰ দুখনক।সভাপতি নাথে ডঃ ভট্টাচাৰ্যৰ সুৰতে কয় যে চৰকাৰ আগবাঢ়ি আহিলে  সমাধিক্ষেত্ৰ আহল-বহল কৰাৰ কথা বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচাৰ্যই কৈছিল। কিন্তু চৰকাৰে আগবাঢ়ি অহা নাই।পূৰ্বৰ চৰকাৰে যিমানলৈকে কাম কৰিলে,তাৰ পিছৰ পৰা বৰ্তমান চৰকাৰখনে কামৰ কোনো উদ্যোগ গ্ৰহণ কৰা নাই।আগৰ চৰকাৰৰ সময়ত যেনে আছিল,বৰ্তমানো একে আছে।লগতে,অসম চৰকাৰৰ হাতত এই কাম কৰাৰ বাবে এতিয়াও সময় আছে বুলি উল্লেখ কৰি নাথে কয় যে সমাধিক্ষেত্ৰ আহল-বহল কৰি বহা-মেলা সুবিধা কৰিব লাগে।


ইয়াৰ উপৰিও নাথে গুৱাহাটী ৰেল ষ্টেচনটো ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰিব লাগে বুলি মত প্ৰকাশ কৰে।ডঃ ভূপেন হাজৰিকাৰ নামেৰে এখন ট্ৰেইন চলোৱা আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যটকসকলৰ বাবে দিল্লীতো সুধাকণ্ঠৰ  সৃষ্টিৰাজিৰ সংৰক্ষণৰ দাবী জনায়।


আনহাতে,'আছু'ৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়-'সুধাকণ্ঠৰ আদৰ্শ,চেতনা,জাতীয়তাবোধ আৰু সমন্বয়ৰ চানেকি সদায় এইখন অসমত জিলিকি থাকিব।নতুন প্ৰজন্মৰ উঠি অহা প্ৰতিজন ব্যক্তিয়ে যাতে ডঃ ভূপেন হাজৰিকাৰ সমন্বয় আৰু একতাৰ চানেকিক সাকাৰ ৰূপ দিব পাৰোঁ,তাৰ বাবে পণ লোৱা আজি সময়।যিসময়ত মানুহৰ মাজত সাম্প্ৰদায়িকতা,ভাঙোনমুখী চিন্তা-চেতনা আহিছে;সেই সময়ত এই সকলোবোৰ নাইকিয়া কৰি এখন সংস্কৃতিৱান,বিশ্ব মানৱৰ লগত কান্ধে কান্ধ মিলাই যাব পৰা সমাজ প্ৰতিষ্ঠা কৰাৰ চিন্তাটো নৱপ্ৰজন্মই সদায় সংকল্প ল'ব লাগিব।

Your Comments