তদন্তকাৰী আৰক্ষীয়ে আদালতত দাখিল কৰা প্ৰতিবেদনতে প্ৰমাণ হ'ল চূপাৰীৰ চোৰাং ব্যৱসায়ৰ সত্যতা-অখিল গগৈ

kmss

নিউজ ডেস্ক:
'দীৰ্ঘদিনৰ পৰা কৃষক মুক্তি সংগ্রাম সমিতিয়ে অসমৰ ৰাইজৰ আগত কৈ অহা চুপাৰীৰ চোৰাং ব্যৱসায় সত্য বুলি প্ৰমাণ হৈছে।'এই দাবী কৃষক নেতা অখিল গগৈৰ। যোৱা ২১ আগষ্টত জালুকবাৰী আৰক্ষীয়ে জব্দ কৰা ২৫ খনকৈ চুপাৰী ভৰ্তি ট্ৰাকৰ ১০ খনৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কৰা তদন্তৰ প্ৰতিবেদন শুকুৰবাৰে কৃষক নেতাগৰাকীয়ে এক সংবাদমেলৰ জড়িয়তে ৰাজহুৱা কৰি এইদৰে কয়। তেওঁ সংবাদমেলত প্ৰকাশ কৰা অনুসৰি জালুকবাৰী আৰক্ষী থানাৰ এচিপি জয়ন্ত বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ তদন্তকাৰী দল যোৱা ২৭ আগষ্ট তাৰিখে আৰক্ষীয়ে জব্দ কৰা ২৫ খন ট্ৰাকৰ ১০ খনৰ তদন্তৰ বাবে শিলচৰলৈ যায়।সেই অনুসৰি তদন্তকাৰী আৰক্ষীৰ দলটোৱে তদন্ত কৰা গাড়ীকেইখনৰ নম্বৰ হৈছে MP09-HH-8285,   JK02-BR-5257, WB23-D-7176, WB65-C-5140, UP17-AT-5886, RJ23-GB-5718, WB65-C-1267, AS01-KC-9158, RJ23-GB-3500, RJ14-GJ-4849। এই নম্বৰসমূহৰ চূপাৰী ট্ৰাককেইখনৰ চালানৰ ওপৰত ভিত্তি কৰি তদন্ত কৰে। কিন্তু আৰক্ষীৰ আগত চুপাৰী ট্ৰাককেইখনে যিসকল ব্যক্তি নাম বা প্ৰতিষ্ঠানৰ নামত চূপাৰীসমূহ নিয়া হৈছে বুলি উল্লেখ কৰিছিল,তেনে কোনো ব্যক্তিক জয়ন্ত বৰুৱা নেতৃত্বত যোৱা তদন্তকাৰী আৰক্ষীৰ দলে সাক্ষাৎ নাপালে।তাৰ পৰিৱৰ্তে MP09-HH-8285 নম্বৰ চালানত নাম থকা শিলচৰৰ ধলাই বজাৰৰ প্ৰদীপ পাল নামৰ ব্যক্তিগৰাকীৰ পৰা জানিব পাৰিলে যে তেওঁৰ ভাগিনীয়েক বাপী পাল এই চূপাৰী ব্যৱসায়ত জড়িত।লগতে এই কথাও তদন্তকাৰী আৰক্ষীৰ আগত তেওঁ প্ৰকাশ কৰে যে বাপী পালৰ দুই বন্ধু দীপাংকৰ দেৱ আৰু পান্না দেৱে এই ব্যৱসায় কৰে।কিন্তু প্ৰদীপ পাল নামৰ ধলাই বজাৰত তেনে কোনো ব্যৱসায়ী নাই বুলি আৰক্ষীক অৱগত কৰে। মুঠৰ ওপৰত কৃষক নেতাগৰাকীয়ে তদন্তকাৰী আৰক্ষীয়ে আদলতত দাখিল কৰা তদন্তৰ প্ৰতিবেদনত ১০ খন ট্ৰাকে এনেদৰে ভুৱা চালানেৰে চূপাৰী সৰবৰাহ কৰা বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও তেওঁ কয় যে অসম চৰকাৰৰ নাকৰ সন্মুখত অসম পুলিচ, বিআইইঅ', চিআইডি, ডিআৰআই, শুল্ক বিভাগ, অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীৰ আশীৰ্বাদ আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰত্যক্ষ নহলেও পৰোক্ষ হস্তক্ষেপত এই বৃহৎ চূপাৰী ছিণ্ডিকেট চলি থকা বুলি বিস্ফোৰক অভিযোগ উথাপন কৰে।

Your Comments