৭ ছেপ্টেম্বৰৰ নিশা ১-৫৫ বজাত চন্দ্রপৃষ্ঠত অৱতৰণ কৰিব 'চন্দ্ৰযান-২'-এ

chandrajan

নিউজ ডেস্ক:
৭ ছেপ্টেম্বৰত মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে ভাৰতে।এই দিনটোতে নিশা ১-৫৫ বজাত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব 'চন্দ্ৰযান-২'-এ।এই সময়চোৱাতে 'চন্দ্ৰযান-২'ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্রপৃষ্ঠ স্পর্শ কৰিব।ইয়াৰ পিছত বিক্ৰমৰ পৰা ৰোভাৰ 'প্ৰজ্ঞান-৭' পুৱা ৫-৩০ ৰ পৰা ৬-৩০ৰ ভিতৰত চন্দ্রপৃষ্ঠলৈ ওলাই আহিব।চন্দ্রপৃষ্ঠত ১৪ দিন ধৰি প্ৰজ্ঞান-৭'-এ বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰিব।উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইছৰ'ৰ বেংগালুৰুস্থিত কেন্দ্ৰত ৬০ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে চন্দ্ৰযান-২ৰ চন্দ্রপৃষ্ঠত অৱতৰণৰ পোনপটীয়া প্ৰচাৰ প্ৰত্যক্ষ কৰিব।

Your Comments