চৰকাৰৰ অনুমতি নোপোৱা বাবেই আৰক্ষীয়ে কাৰ্যকৰী কৰিব পৰা নাই নতুন যান-বাহন আইন,২০১৯

jan jot

তপন বৰগোঁহাই প্ৰতিবেদন:


নিয়ম ভংগকাৰী যান-বাহনক নাকী লগোৱাৰ বাবে ভাৰত চৰকাৰে সমগ্ৰ দেশতে কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰিছে  যান-বাহনৰ নতুন আইন। সেই অনুসৰি যোৱা ১ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো প্ৰয়োগ হৈছে "মটৰ ভেহিকল এক্ট ২০১৯"।কিন্তু বাস্তৱত অসম আৰক্ষীৰ যান-বাহন শাখাই নতুন আইনখন সমগ্ৰ দেশতে প্ৰয়োগ হোৱাৰ তিনিদিনৰ পাছতো কাৰ্যকৰী কৰিব পৰা নাই। কাৰণ নতুন আইনখন কাৰ্যকৰী কৰাৰ বাবে অসম আৰক্ষীৰ যান-বাহন শাখাই চৰকাৰৰ ফালৰ পৰা এতিয়ালৈ কাৰ্যকৰী কৰাৰ জাননী লাভ কৰা নাই।ফলত নতুন আইন অনুসৰি নিয়ম ভংগকাৰী যান-বাহনক জৰিমনা বিহিব পৰা নাই অসম আৰক্ষীৰ যান-বাহন শাখাই। এই কথা জানিবলৈ দিছে অসম আৰক্ষীৰ যান-বাহন শাখাৰ আয়ুক্ত প্ৰশান্ত শইকীয়াই। শইকীয়াই লগতে জানিবলৈ দিয়ে বৰ্তমান সময়লৈকে নতুন আইন অনুসৰি জৰিমনা বিহা হোৱা নাই যদিও প্ৰত্যক্ষ ভাৱে নিয়ম ভংগকাৰী যান-বাহন সমূহক নতুন আইন অনুসৰি ন্যায়ালয়লৈ পঠোৱা হৈছে। 

ইফালে আয়ুক্ত শইকীয়াই জানিবলৈ দিয়া অনুসৰি অহা দুই-এদিনৰ ভিতৰতে চৰকাৰৰ পৰা আইনখন কাৰ্যকৰী কৰাৰ বাবে জাননি লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে নতুন আইনখন যান-বাহন শাখাৰ বিভিন্ন পৰ্যায়ৰ আৰক্ষী বিষয়া সকলে যাতে কাৰ্যকৰী কৰোতে কোনো ক্ৰুটি ৰৈ নাযায় তাৰ বাবে যান-বাহন শাখাৰ বিভিন্ন পৰ্যায়ৰ আৰক্ষীৰ বিষয়া সকলক লৈ নতুন আইনখনৰ সন্দৰ্ভত সজাগতামূলক বৈঠক অনুষ্ঠিত হোৱা বুলিও অৱগত কৰে। মুঠৰ ওপৰত তেওঁ প্ৰকাশ কৰা অনুসৰি "আইন নমনা যান-বাহনক নাকী লগোৱাৰ বাবে নতুন উদ্যমেৰে সাজু হৈছে অসম আৰক্ষীৰ যান-বাহন শাখা"।

ইফালে নতুন আইনখনৰ সন্দৰ্ভত জনসাধাৰণক উদ্দেশ্য কৰি আয়ুক্ত শইকীয়াই কয় "পথচাৰীক সুৰক্ষা দিয়াৰ বাবে আইনখন সময়ৰ দাবী হিচাপে পৰিগণিত হৈছে।পথচাৰীৰ সুৰক্ষাক অধিক গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হৈছে।  কোনো ব্যক্তি বা পৰিয়ালৰ জীৱনক আনৰ অহেতুক আচৰণে বিপদাপন্ন কৰি তোলা কথাটো কেতিয়াও গ্ৰহণ যোগ্য হ'ব নোৱাৰে।সেই বাবে এই আইনখনক সকলোৱে সন্মান দিব লাগিব"। একেদৰে আইনখনৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ বাবে অসম আৰক্ষীৰ যান-বাহন শাখাই সজাগতা মূলক ব্যৱস্থাৰ দিহা কৰিব বুলিও প্ৰকাশ কৰে।


আনহাতে যান-বাহন আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি প্ৰতি মাহতে কেৱল গুৱাহাটী মহানগৰীত প্ৰায় পোন্ধৰ হাজাৰৰো অধিক বাহন পঞ্জীয়ন হয়। কিন্তু সেই অনুপাতে অসম আৰক্ষীৰ যান-বাহন শাখাত নাই পৰ্য্যাপ্ত জোৱান। সূত্ৰটোৰ পৰা পোৱা খবৰ অনুসৰি ২০০৯চনৰ চৰকাৰী এক হিচাপ অনুসৰি মহানগৰীৰ সুৰক্ষাৰ বাবে সেই সময়ত যান-বাহন শাখাত প্ৰয়োজনীয় জোৱানৰ সংখ্যা আছিল ৪৩২জন। কিন্তু দুভাগ্যজনক কথা এই যে আজি দহ বছৰৰ পাছত মহানগৰীৰ জনসংখ্যাৰে ২০লাখৰো অতিক্ৰম কৰিলে কিন্তু বৰ্তমান সময়তো ২০০৯চনৰ যান-বাহন শাখাত প্ৰয়োজনীয় জোৱানৰ সংখ্যাটোৱে নাই মহানগৰীৰ যান-বাহন আৰক্ষীত। সূত্ৰটোৰ পৰা পোৱা তথ্য অনুসৰি বৰ্তমান সময়ত জনবহুল মহানগৰীত যান-বাহন শাখাত আছে মাত্ৰ ৩৯০জন জোৱান। তাৰে ৪০জন মান জোৱান চুটিত থকাৰ বিপৰীতে আন ২০জন মান নিয়োজিত হৈ থাকে কাৰ্যলয়ত। সেই অনুসৰি ৩৩০জন জোৱান মহানগৰীত পথচাৰীৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ থাকে।তাকো দিবা-নৈশ দুটা শাখাত। 

ইয়াৰোপৰি বিভিন্ন ধৰ্ণা,আন্দোলনৰ কাৰ্যসূচীত এইসকলক জোৱানৰ মাজৰ পৰাই একাংশ জোৱানক সমস্যা নিয়ন্ত্ৰন কৰিবলৈ  নিয়োগ কৰা হয়। 

অতি তাকৰিয়া সংখ্যাৰ জোৱানেৰে নতুন আইনখন কাৰ্যকৰী কৰাৰ বাবে অসম আৰক্ষীৰ যান-বাহন শাখা কিমানদূৰ সফল হয় সেইয়া ভৱিষ্যত দিনত লক্ষণীয় হ'ব।

Your Comments