নিউজ ডেস্ক :
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে আজি এক গোচৰ ৰুজু কৰে সদৌ অসম গৰীয়া মৰিয়া যুৱ-ছাত্ৰ পৰিষদে।মংগলবাৰে সংগঠনটোৱে গুৱাহাটীৰ লতাশিল আৰক্ষীৰ থানাত এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু এনআৰচিৰ কৰ্তব্যত গাফিলতি কৰা বিষয়া সকলৰ বিৰুদ্ধে গোচৰ দাখিল কৰে।
ইফালে গোচৰ দাখিল কৰি সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হকে কয় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটো এক ভেকোভাওনাত পৰিণত হৈছে ।মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই শুদ্ধ নথি পত্ৰ দিয়া বহুসংখ্যক গৰীয়া-মৰিয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম চূড়ান্ত তালিকাৰ পৰা উদ্দেশ্য প্ৰণোদিতভাৱে বাদ পেলাইছে বুলিও তেওঁ অভিযোগ কৰে। উক্ত অভিযোগৰ ভিত্তিতে আজি হাজেলা বিৰূদ্ধে গোচৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 59 views