নিউজ ডেস্ক:
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে বিভিন্ন সময়ত বিতৰ্কিত মন্তব্যৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ এনআৰচিক হেয় প্ৰতিপন্ন কৰিব বিচৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰতিকৃতি দাহ কৰে সদৌ অসম গৰীয়া-মৰিয়া যুৱ ছাত্ৰ-পৰিষদে।মহানগৰীৰ গুৱাহাটীৰ প্ৰেছ ক্লাবৰ সন্মুখত সোমবাৰে সংগঠনটোৱে প্ৰায় শতাধিক সদস্যৰ উপস্থিতিত দাহ কৰা হয় খানৰ প্ৰতিকৃতি।প্ৰতিকৃতি দাহ কৰি পৰিষদৰ কর্মীসকলে ইমৰান খান মুর্দাবাদ, পাকিস্তান মুর্দাবাদ, ইমৰান খান হুচিয়াৰ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে পাক প্ৰধানমন্ত্ৰী ইমৰান খানক সকীয়নী প্ৰদান কৰি কয় যে এনআৰচি ভাৰতৰ আভ্যন্তৰীণ বিষয়।ইয়াত মাত মতাৰ কোনো নৈতিক অধিকাৰ নাই খানৰ।
উক্ত কাৰ্যসূচীত সদৌ অসম গৰীয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হক উপস্থিত আছিল।
- Log in to post comments
- 6 views