নিউজ ডেস্ক:
"চূড়ান্ত এনআৰচিত যাৰ নাম সোমাব লাগিছিল,সি বঞ্চিত হৈছে আৰু যাৰ নাম সোমাব নালাগিছিল বুলি ৰাইজে ভাবিছিল তেনে লোকৰ নাম সোমাইছে'-এই বিস্ফোৰক মন্তব্য জনগোষ্ঠীয় সমন্বয় পৰিষদৰ আহ্বায়ক মমিনুল আৱালৰ। প্ৰকাশিত এনআৰচি সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি আৱালে কয়-'এনআৰচি প্ৰকাশৰ পূৰ্বে বিভিন্ন শক্তিয়ে অসমৰ হিন্দু-মুছলমানৰ আঠশ বছৰীয়া পুৰণি সম্প্ৰীতি ব্যাহত কৰাৰ বাবে কিছুমান চক্ৰই কিছুমান ভুৱা তথ্য প্ৰচাৰ কৰি সংখ্যালঘু সকলক আতংকিত কৰি তুলিছিল।আনকি এনআৰচিৰ প্ৰকাশৰ পিছত অসমৰ সংখ্যালঘুসকলৰ অৱস্থা শোচনীয় হৈ পৰিব বুলি যি ভুৱা প্ৰচাৰ চলাইছিল সেই কথা প্ৰকাশিত এনআৰচিয়ে মিছা বুলি প্ৰমাণিত কৰিলে।'
ইফালে এনআৰচিৰ বিষয়টোক লৈ বিভিন্ন সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সময়ত বিৰূপ মন্তব্য প্ৰকাশ কৰাৰ সন্দৰ্ভত আৱালে ইমৰান খানক সকীয়নী প্ৰদান কৰি কয়-' এনআৰচিৰ বিষয়টো ভাৰতৰ আভ্যন্তৰীণ বিষয়।এই বিষয়ত মাত মতা কোনো নৈতিক অধিকাৰ নাই পাকিস্তানৰ।ইমৰান খানে অসমৰ সংখ্যলঘুসকলক এনআৰচিয়ে অত্যাচাৰ কৰিব বুলি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ চলাইছে।সেই কথা এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে মিছা বুলি প্ৰমাণিত হৈছে।ইয়াৰ উপৰিও খানক উদ্দেশ্য কৰি তেওঁ কয় পাকিস্তানত ইছলাম ধৰ্মাৱলম্বী লোকে মছজিদত দোৱা কৰি থকা মুছলমান লোকক বিস্ফোৰণ ঘটাই হত্যা কৰিছে।কিন্তু ভাৰতবর্ষত তেনে ঘটনা সংঘটিত হোৱা নাই।তাৰ পৰাই তেওঁ বুজা উচিত ভাৰতবর্ষত এতিয়া সুৰক্ষিত সংখ্যালঘু মুছলমানসকল।
চূড়ান্ত এনআৰচিৰ প্ৰকাশৰ পিছত অসমত ভয়াৱহ পৰিৱেশৰ সূচনা হ'ব বুলি একাংশ শক্তিয়ে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত তথা বিভিন্ন সংবাদ মাধ্যমত ভুৱা তথ্যৰে প্ৰচাৰ চলোৱা বিষয়টোক সন্দৰ্ভত তেওঁ কয়- 'সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ,গৃহ বিভাগ আৰু বিশেষকৈ অসমৰ ৰাইজৰ সহযোগিতাৰ বাবে আজি কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিৱেশৰ সৃষ্টি নহল।তাৰ পৰাই তেনে শক্তিসমূহে জনা উচিত অসমত হিন্দু-মুছলমানৰ একতাৰ এনাজৰীডাল কিমান শক্তিশালী।'
আনহাতে,সাংসদ আচাদুদ্দিন উৱেছিয়েও অসমৰ এনআৰচিক লৈ বিভিন্ন বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল।সেই প্ৰশংগত আৱালে কয় আচাদুদ্দিন উৱেছিয়েও জনা উচিত তেওঁৰ দৰে মুছলমান মানুহ অসমতো ৪ লাখৰ ওপৰত আছে। কিন্তু তেওঁলোকে এনআৰচিক লৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই।
প্ৰকাশিত এনআৰচিখনত গৰীয়া-মৰিয়া,দেশী,চাহ জনগোষ্ঠীয় জ'লাহ আদি সম্প্ৰদায়ৰ বহুসংখ্যক খিলঞ্জীয়াৰ নাম অহা নাই বুলি উল্লেখ কৰি আৱালে কয় যে নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰতিগৰাকী জনগোষ্ঠীয় খিলঞ্জীয়াৰ নাম এনআৰচিত অন্তভুক্ত কৰাৰ বাবে জনগোষ্ঠীয় সমন্বয় পৰিষদে সহায় কৰিব।এই ক্ষেত্ৰত সমন্বয় পৰিষদত জড়িত হৈ থকা ২১টাকৈ জনগোষ্ঠীয় সংগঠনে আগন্তক দিনত কাম কৰিব।
সংবাদমেলখনত আহ্বায়ক আৱালক সাংবাদিকসকলে প্ৰশ্ন কৰে যে প্ৰকাশিত এনআৰচিখন জনগোষ্ঠীয় সমন্বয় পৰিষদে গ্ৰহণ কৰিছে নাই? সেই উত্তৰত আৱালে কয় যে অসমৰ ৰাইজ আৰু দল- সংগঠনসমূহৰ প্ৰতিক্ৰিয়াৰ পৰা অনুমান হয় খিলঞ্জীয়া ৰাইজে প্ৰকাশিত এনআৰচিখনক গ্ৰহণ কৰা নাই।আনকি ড্ৰাফট এনআৰচিৰ প্ৰকাশ পাওঁতে মিঠাই খোৱা সংগঠনসমূহ আজি ফাইনেল এনআৰচিক লৈ সুখী নহয়। কাৰণ যাৰ নাম সোমাব লাগিছিল তাৰ নাম বাদ পৰিল আৰু যাৰ নাম বাদ পৰিব বুলি ভাবিছিল, তাৰ নাম অন্তৰ্ভুক্ত হ'ল।তেনে ক্ষেত্ৰত অসমৰ ৰাইজে যি ক'ব সেয়া পৰিসদৰো সিদ্ধান্ত হ'ব বুলি উল্লেখ কৰে।
ইফালে,শুদ্ধ এনআৰচি প্ৰকাশৰ বাবে চৰকাৰে যি ধৰণে সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত হ'ব লাগিছিল সেই দৰে জড়িত হোৱা নাই বুলি বিভিন্ন মহলত অভিযোগ উথাপন হৈছে।সেই সন্দৰ্ভত বিজেপিৰ বিধায়ক তথা পৰিষদৰ আহ্বায়ক গৰাকীয়ে কয়-'উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক যিমানলৈকে জড়িত হোৱাটো বিচাৰিছিল,সিমানলৈকে বিষয়টোত চৰকাৰ জড়িত হৈছে।চৰকাৰৰ তৰফৰ পৰা সমগ্ৰ বিষয়টো আগবঢ়াই নিয়াৰ বাবে পুঁজি, কৰ্মচাৰী সকলো যোগান ধৰা হৈছিল।
- Log in to post comments
- 8 views