২১সংখ্যাক উত্তৰ-পূৱ গ্ৰন্থমেলাৰ তাৰিখ ঘোষণা

bookfair

নিউজ ডেস্ক :

সুদীৰ্ঘ বিশ বছৰীয়া সফল যাত্ৰাৰ ধাৰা অব্যাহত ৰাখি ২১সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলাৰ দিন ঘোষিত হ'ল।অহা ১নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ পূৰ্বৰ বছৰ বিলাকৰ দৰে চান্দমাৰী অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হ'ব উত্তৰ-পূৱৰ সৰ্ববৃহৎ গ্ৰন্থমেলাখন।সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত বিগত বিশ বছৰে অনুস্থিত হৈ অহা এইবাৰৰ গ্ৰন্থমেলাখন উৎসৰ্গিত হ'ব বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইডৰ স্মিতিত।ইয়াৰ উপৰিও সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰা গ্ৰন্থমেলাখনৰ মূল মঞ্চখন উৎসৰ্গিত কৰা হ'ব বিশিষ্ট সমাজকর্মী জি. এল আগৰৱালা আৰু বিশিষ্ট শিল্পী বেনু মিশ্ৰৰ সোঁৱৰণত। গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে গ্ৰন্থমেলাৰ আয়োজনক  সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে। ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে পূৰ্বৰ বছৰ সমূহৰ দৰে এইবাৰো গ্ৰন্থমেলাখনৰ প্ৰতিদিনেই অনুষ্ঠিত হ'ব বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে আলোচনা চক্ৰ, অন্তৰংগ আলাপকে ধৰি বিভিন্ন সাহিত্যৰ অনুষ্ঠান।

ইফালে এইবাৰো ছাত্ৰ-ছাত্ৰী সকলৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰা বুলি আজি সংবাদ মেলত জানিবলৈ দিয়ে। একেদৰে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব বিচৰা বিপনী সমূহৰ অংশগ্ৰহণৰ বাবে যোগাযোগৰ অন্তিম তাৰিখ ১৫অক্টোবৰ ধার্য কৰা বুলিও জানিব দিয়ে উদ্যোক্তা সকলে।ইয়াৰ পিছতেই ২৩অক্টোবৰত বিপনীসমূহৰ স্থান আৱন্টনৰ বাবে  সমিতিয়ে লটাৰী অনুষ্ঠিত কৰিব বুলিও জানিবলৈ দিয়ে। 

আনহাতে যোৱা বর্ষত প্ৰায় ৩০লাখ টকাৰ গ্ৰন্থ বিক্রীৰে অভিলেখ ৰচনা কৰা এই গ্ৰন্থমেলাখনে এইবাৰ আয়োজক সমিতিয়ে পুঁজি নিদ্ধাৰণ কৰিছে ৫০লাখ টকা।

একেদৰে ২১সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাই পঢ়ুৱৈ সমাজক উৎসাহিত কৰাৰ লগতে গ্ৰন্থ ক্ৰয় কৰা ব্যক্তিসকলক উৎসাহিত কৰাৰ বাবে বিশেষ পুৰস্কাৰ আৰু সম্বৰ্ধনাৰো ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে।সেই অনুসৰি এইবাৰ উত্তৰ-পূব গ্ৰন্থমেলাত ১০হাজাৰ টকাৰ ওপৰত গ্ৰন্থ ক্ৰয় কৰাৰ ব্যক্তিসকলক সম্বৰ্ধনা জনাব।

আজি সংবাদ মেলখনত  উপস্থিত থাকে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতাৰ সন্থাৰ সভাপতি ইমৰান আহমদকে আদি কৰি বহু কেইজন বিষয়ববীয়া।

Your Comments