টে'ট শিক্ষকৰ মাজত বিভাজনৰ নিকৃষ্ট ৰাজনীতি কৰিছে শিক্ষামন্ত্ৰীয়ে-টেট উত্তীৰ্ণ শিক্ষক সমাজ

tet

নিউজ ডেস্ক :
বিগত দুটা বছৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ সমস্যা সমাধানৰ বাবে বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো চৰকাৰে কোনো নীতি গ্ৰহণ কৰা নাই। তাৰ পৰিৱৰ্তে এতিয়া শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সকলৰ মাজত বিভাজন আনিবলৈ নিকৃষ্ট ৰাজনীতি কৰিছে। এই গুৰুত্বৰ অভিযোগ সদৌ অসম প্ৰাথমিক টে'ট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদৰ। দেওবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত সংগঠনটোৰ হৈ এক সংবাদমেল সম্বোধন কৰি ৰচিদে কয় -বিগত দুটা বছৰ ধৰি ৰাজ্যৰ শিক্ষা বিভাগক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সকলৰ চাকৰি বিনাচৰ্ত্তে নিয়মীয়াকৰণৰ বাবে বিভিন্ন সময়ত দাবী জনায় অহা হৈছে।আনহে নালাগে যোৱা ২৯জুন তাৰিখে  প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক টেট শিক্ষক সকলে নিজৰ দাবী শিক্ষা বিভাগ তথা অসম চৰকাৰক অৱগত কৰাৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 'দিছপূৰ ছলো'ৰ দৰে এক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। তাৰ পাছতে বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত টেট শিক্ষক সকলৰ সমস্যা সমাধানৰ বাবে এখন কমিটি গঠন কৰা হৈছিল।উক্ত কমিটিখনক ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিছিল সমস্যা সমাধান কৰাৰ বাবে।সেই নির্দেশৰ পাছতে ঠিকাভিত্তিক টে'ট শিক্ষক সকলে আশা কৰিছিল আলোচনাৰ মাধ্যমেৰে চৰকাৰে সমস্যা সমূহ সমাধান কৰিব।কিন্তু দুৰ্ভাগ্যজনকভাৱে শিক্ষামন্ত্ৰীয়ে টেট শিক্ষক সকলৰ সমস্যা সমাধানৰ গুৰুত্ব নিদি শিক্ষক সকলৰ মাজত বিভাজনৰ নিকৃষ্ট ৰাজনীতি কৰিব বিচাৰিছে। কাৰণ টেট শিক্ষক সকলে শিক্ষামন্ত্ৰী গৰাকীৰ সৈতে আলোচনাত বহাৰ বাবে বিভিন্ন সময়ত অনুমতি বিচাৰিয়ো আজিলৈকে কোনো অনুমতি লাভ কৰিবলৈ সক্ষম হোৱা নাই।তাৰ পৰিৱৰ্তে ৰহস্যজনক ভাৱে শিক্ষামন্ত্ৰী গৰাকীয় সোমবাৰে একাংশ মুষ্টিমেয় টেট শিক্ষকক লৈ আলোচনাত মিলিত হ'ব বুলি দেওবাৰে শিক্ষামন্ত্ৰীৰ ব্যক্তিগত সচিবৰ দ্বাৰা স্বাক্ষৰিত এখন পত্ৰ প্ৰকাশ পাইছে। কিন্তু টে'ট উত্তীৰ্ণ শিক্ষক সকলক প্ৰতিনিধিত্ব কৰা 'সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজক' অতি কৌশলপূৰ্ণ ভাবে  আঁতৰাই ৰাখিছে।যি কথা টেট শিক্ষক সকলৰ বাবে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে।

সংগঠনটোৰ সাধাৰণ সম্পাদক ৰচিদে শিক্ষামন্ত্ৰীক সকীয়নি প্ৰদান কৰি কয় "কোনো  মুষ্টিমেয় ব্যক্তিৰ লগত শিক্ষামন্ত্ৰীয়ে আলোচনাত বহি ঠিকাভিত্তিক টে'ট শিক্ষক সকলৰ চাকৰি ভৱিষ্যতলৈ অন্ধকাৰলৈ ঠেলি দিলে জগৰীয়া হ'ব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য।

ইফালে শিক্ষামন্ত্ৰীক উদ্দেশ্য কৰি সংগঠনতোৰ সভাপতি ত্ৰৈলোক্য ডেকাই কয় "পোন আঙলিৰে ঘিউ নোলালে আগন্তক দিনত টেট শিক্ষক সমাজে বেঁকা আঙলিৰ প্ৰয়োগ কৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও ঘোষণা কৰে।

ইফালে টেট শিক্ষক সকলে শিক্ষামন্ত্ৰী গৰাকীৰ এই ৰহস্যজনক ভূমিকাত সন্দিহান হৈ এইক্ষেত্ৰত ৰাজ্যৰ মূৰব্বী হিচাপে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগে বুলিও দাবী জনায়।

Your Comments