নিউজ ডেস্ক:
অৱশেষত সুদীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা। শনিবাৰে দিনৰ ১০ বজাত এনআৰচিৰ নিৰ্দিষ্ট ৱেবচাইটত প্ৰকাশ পালে চূড়ান্ত এনআৰচিৰ তালিকা।
চূড়ান্ত এনআৰচিৰ তালিকাত অন্তৰ্ভুক্ত হ’ল মুঠ ৩ কোটি ১১ লাখ ২১ হাজাৰ ৪ জনৰ নাম। তাৰ বিপৰীতে চূড়ান্ত এনআৰচিৰ পৰা নাম কৰ্তন হ'ল ১৯ লাখ, ৬ হাজাৰ ৬৫৭ জনৰ নাম। এই কথা এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে।
উল্লেখ যে ২০১৫ চনৰ মে মাহৰ পৰা এনআৰচিৰ উন্নীতকৰণৰ বাবে আৱেদনপত্ৰ গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু এই প্ৰক্ৰিয়াৰে শেষ হৈছিল সেই বর্ষৰে আগষ্ট মাহত। ৬৮ লাখ ৩৭ হাজাৰ ৬৬০ খন আৱেদনপত্ৰৰ জৰিয়তে মুঠ ৩ কোটি, ৩০ লাখ, ২৭ হাজাৰ, ৬৬১ জন ব্যক্তিয়ে আৱেদন কৰিছিল। সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ বাবে জড়িত হৈ পৰিছিল ৫২ হাজাৰ ৰাজ্যখনৰ চৰকাৰী বিষয়া-কৰ্মচাৰী।
ইফালে উচ্চতম ন্যায়ালয়লৰ নির্দেশ অনুসৰি ২০১৮ চনৰ ৩০ জুলাইত যোগ্যতাৰ ভিত্তিত প্ৰথমখন খচৰা প্ৰকাশ কৰা হৈছিল। তাত অন্তৰ্ভুক্ত হৈছিল ২ কোটি, ৮৯ লাখ, ৮৩ হাজাৰ, ৬৭৭ জন। বাদ পৰিছিল ৪০ লাখ ৭ হাজাৰ ৭ জন লোকৰ নাম। তাৰ পিছত বাদ পৰা আৱেদনকাৰীৰ বিপৰীতে মুঠ ৩৬ লাখ, ২৬ হাজাৰ ৬৩০ জন ব্যক্তিৰ পৰা দাবীপত্ৰ লাভ কৰা হৈছিল। তাৰ উপৰি সম্পূৰ্ণ খচৰা এনআৰচিত মুঠ ১ লাখ ৮৭ হাজাৰ ৬৩৩ জন আবেদনকাৰী ব্যক্তিৰ বিৰুদ্ধে নাম অন্তৰ্ভুক্ত হোৱাত আপত্তি পোৱা হৈছিল।
তাৰ পাছত যোৱা ২৬ জুনত অন্তৰ্ভুক্তি অযোগ্য বিবেচিত ১ লাখ ২ হাজাৰ ৪৬২ জন সন্নিবিষ্ট আন এখন অতিৰিক্ত খচৰা প্ৰকাশ কৰা হৈছিল। তাৰ পাছত সকলোবিলাক বিবেচনাৰ অন্তত আজি প্ৰকাশ কৰা হয় চূড়ান্ত এনআৰচিৰ তালিকা।
- Log in to post comments
- 19 views