আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা আৰু ভাৰতীয় শ্ৰম মন্ত্ৰণালয়ৰ তত্ত্বাৱধানত পৰিচালিত, উত্তৰ প্ৰদেশৰ নইডা চিটীত অবস্থিত ভিভি গিৰি নেচনেল লেবাৰ ইনষ্টিটিউটত ২৬ৰ পৰা ৩০ আগষ্টলৈ আৰম্ভ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মীনপালক আৰু কৰ্মীৰ বিশেষ পাঁচদিনীয়া প্ৰশিক্ষণ৷ এই প্ৰশিক্ষণত অসমৰ আগশাৰী বেচৰকাৰী সংস্থা “যুৱ প্ৰয়াস”ৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰিছে সমাজকৰ্মী ক্ৰমে কৈলাস কলিতা, প্ৰবীণ কলিতা, ইৰা ৰাভা, বিজয়লক্ষ্মী ৰাভা, অৰুণ বসুমতাৰী, জোনমণি বড়ো, মিনা বড়ো, সৰ্বেশ্বৰী বড়ো, জামানী বড়ো আৰু ৰানিমা বড়োৱে৷উল্লেখ্য যে উক্ত প্ৰশিক্ষণত উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্য ক্ৰমে অসম, মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ৰ মুঠ ৪৩গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে৷
- Log in to post comments
- 56 views