নিউজ ডেস্ক :
অহা ৩১আগষ্টত প্ৰকাশ পাব লগা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ বিজেপি চৰকাৰে দুমুখীয়া স্থিত গ্ৰহণ কৰিছে। কাৰণ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে স্বয়ং বিজেপিৰ সেই সময়ৰ সভাপতি তথা বৰ্তমানৰ গৃহমন্ত্ৰী অমৃত শ্বাহে নাগৰিক পঞ্জীক ৰাষ্ট্ৰীয় ইছ্যু কৰি নিৰ্বাচনীৰ বৈতৰণী পাৰ কৰাৰ হোৱাৰ বাবে ব্যৱহাৰ কৰিলে।আনহে নালাগে দেশৰ অন্যান্য ৰাজ্যসমূহতো অসমৰ পাছত এনআৰচি উন্নীতকৰণৰ যোগেদি এটা এটাকৈ বিদেশীৰ খেদিম বুলি কৈ এতিয়া এনআৰচি সম্পূৰ্ণ হোৱাত বিধি পথালি দিছে।এই গুৰুত্বৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ। সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত বৰাই এনআৰচিৰ সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি ৩১ আগষ্টত প্ৰকাশ পাব লগা চূড়ান্ত এনআৰচিৰ প্ৰকাশৰ সময়ত সকলোকে শান্তি শৃংখলা বজায় ৰখাৰ বাবে আহ্বান জনায়।লগতে তেওঁ কয় কিবা কাৰণত যদি কোনো ভাৰতীয়ৰ নাম চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰে তাক লৈ কোনো শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে।কাৰণ এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা লোকসকলৰ কি কাৰণত নাম অন্তৰ্ভুক্ত হোৱা নাই সেই সন্দৰ্ভত এনআৰচি কৰ্তৃপক্ষই প্ৰতিজন ব্যক্তিক স্পীকিং অৰ্ডাৰৰ জৰিয়তে জনাব। সেই জাননীৰ ওপৰত ভিত্তি কৰিয়েই নাম অন্তৰ্ভুক্ত নোহোৱা ব্যক্তি গৰাকীয়ে আইনৰ কাষ চাপিব পাৰিব। এই সম্পৰ্কত প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয়ক কংগ্ৰেছ দলে আইনী যুঁজত সহায় কৰিব বুলিও আশ্বাস প্ৰদান কৰে।
ইফালে মংগলবাৰে অসম প্ৰদেশ কংগ্ৰেছে তেওঁলোকৰ দলৰ উচ্চতম ন্যায়ালয় আৰু গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নিযুক্ত হৈ থকা প্ৰতিগৰাকী অধিবক্তাৰ লগত এক বৈঠকত মিলিত হ'ব বুলিও জানিবলৈ দিয়ে।সংবাদ মেলখনত দলটোৰ জ্যেষ্ঠ নেতা দুৰ্গা দাস বড়ো প্ৰমুখ্যে বহুকেইজন লোক উপস্থিত থাকে।
- Log in to post comments
- 4 views