অৰুণ জেটলীৰ বিত্তমন্ত্ৰীৰ কাৰ্যকালৰ কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

jetli1

নিউজ ডেস্ক:

দীর্ঘদিনীয়া শাৰীৰিক অসুস্থতাৰ পাছত শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰা দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে বিত্তমন্ত্ৰী হিচাপে কাৰ্যসম্পাদন কৰা সময়ত দেশৰ অৰ্থনীতিৰ সংস্কাৰৰ বাবে গ্ৰহণ কৰিছিল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তাৰ ভিতৰত ঐতিহাসিক সিদ্ধান্ত আছিল জৱাহৰলাল নেহৰুৰ দিনৰ পৰা প্ৰচলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অৱসান ঘটাই গঠন কৰিছিল নীতি আয়োগ।

দ্বিতীয়তে তেওঁ কাৰ্যকালতে দুৰ্নীতি নিৰ্মূল,  'লাধন আদি বন্ধ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছিল বিমুদ্ৰাকৰণ। যত নেকি পূৰ্বৰ পৰা চলি থকা ৫০০, ১০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি নতুনকৈ ২০০০ টকীয়া নোটৰ প্ৰচলন কৰা হৈছিল।

একেদৰে এক দেশ এক কৰৰ নীতি প্ৰৱৰ্তন কৰাৰ বাবে জিএছটি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। সেই অনুসৰি জিএছটি সম্বন্ধীয় সকলোবোৰ নীতি-সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ৩৩ গৰাকী সদস্যক লৈ তেওঁ গঠন কৰিছিল জিএছটি কাউন্সিল।

দেশৰ দৰিদ্ৰ জনসাধাৰণক সঞ্চয়ৰ প্ৰতি আগ্ৰহী কৰাৰ বাবে তেওঁ বিত্তমন্ত্ৰীৰ দিনতে শূন্য বেলেন্সত জন ধন আঁচনিৰ জৰিয়তে বেংক একাউণ্ট খোলাৰ ব্যৱস্থা কৰিছিল। তেওঁ বিত্তমন্ত্ৰী হৈয়ে ৰেল বাজেট আৰু সাধাৰণ বাজেট একত্ৰিত কৰিছিল। কৰদাতালৈ বিশেষ সকাহ তেওঁৰ কাৰ্যকালৰ অন্তিমটো বছৰৰ ঐতিহাসিক সিদ্ধান্ত আছিল।

Your Comments