বিজেপিলৈ বাট পোনাইছে অসমৰ ৮ কংগ্ৰেছী বিধায়কে : তীব্ৰ চৰ্চ্চা ৰাজ্যৰ ৰাজনৈতিক মহলত

cong

নিউজ ডেস্ক :

অসম প্ৰদেশ কংগ্রেছত বৃহৎ আঘাতহানী দলটোৰ ৮গৰাকীকৈ বিধায়ক আৰু প্ৰাক্তন মন্ত্ৰীয়ে যিকোনো মুহূৰ্ততে যোগদান কৰিব পাৰে বিজেপিত। ইতিমধ্যে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিবলৈ দিল্লীৰে যোগাযোগ কৰি থকা কংগ্ৰেছৰ ৮জনীয়া বিশেষ তালিকা এখন এতিয়া ৰাজ্যৰ সংবাদ মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই তালিকা অনুসৰি "বিধায়ক ৰূপজ্যোতি কুৰ্মী, কমলাক্ষ দে পুৰকায়স্ত, ৰোজলিনা তিৰ্কী, জাকিৰ হুছেইন চিকদাৰ, ৰাজদ্বীপ গোৱালা, দুৰ্গা ভূমিজ আদিৰ নাম সন্নিবিষ্ট হৈ থকাত তালিকা খনৰ বিষয়বস্তু সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে। ইয়াৰ উপৰিও দিল্লীত বিজেপি নেতৃত্বৰ লগত যোগাযোগ কৰা তালিকা খনত নাম ওলাইছে দলটোৰ দুই প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন আৰু অজন্তা নেওগৰ নাম।

উল্লেখ যে যোৱা দুদিন পূৰ্বে বিজেপিৰ ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে বিজেপি ৰাজ্যিক কাৰ্যলয়ত এখন সংবাদ মেলত তেওঁৰ জৰিয়তে বিজেপিত যোগদান কৰাৰ বাবে ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় ১০-১৫ গৰাকী প্ৰাক্তন মন্ত্ৰী বিধায়কে দিল্লীৰ সৈতে যোগাযোগ কৰাৰ কথা সদৰী কৰিছিল।কিন্তু উক্ত সংবাদ মেল খনত তেওঁ সেইদিনা তেওঁৰ দ্বাৰা যোগাযোগ কৰি থকা লোকসকলৰ নাম প্ৰকাশ কৰা নাছিল। কিন্তু আজি এক সূত্ৰৰ খবৰ অনুসৰি কংগ্ৰেছৰ এইসকল বিধায়ক-প্ৰাক্তন মন্ত্ৰীয়ে বিজেপিত যোগদান কৰিবলৈ দলটোৰ দিল্লীৰ নেতৃত্বৰে যোগাযোগ কৰি থকা বুলি জানিব পৰা গৈছে।

লগতে সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব লগা তালিকাখন আৰু দীঘল হোৱাৰো সম্ভাৱনা অধিক।

ইফালে যোৱা কিছুদিন ধৰি বিজেপি তৃণমূল  কৰ্মী সকলক গুৰুত্বহীন কৰি একাংশ কংগ্ৰেছীক গেৰুৱা দলটোত যোগদান কৰোৱা বুলি দলৰ ভিতৰৰে একাংশই ক্ষোভ উজাৰাৰ লগতে দলটোৰ তৃণমূল কর্মী সকলে কংগ্ৰেছীক আদৰা নীতিত ৰাজ্যিক নেতৃত্বৰ সন্মুখত অসন্তুষ্টি ব্যক্ত কৰিছিল।তাৰ ফলস্বৰূপে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে এক সংবাদ মেলৰ জৰিয়তে বৃহস্পতিবাৰৰ পৰা কোনো ৰাজনৈতিক ব্যক্তিক বিজেপিত যোগদান কৰিবলৈ দিয়া নহব বুলি জাননী জাৰি কৰিছে।কিন্তু এই জাননী কিমান দিনলৈ বাহাল থাকিব সেই কথা কিন্তু উল্লেখ কৰা নাই উক্ত জাননী খনত।তেনে ক্ষেত্ৰত যদি নাম ওলোৱা ৮জন কংগ্ৰেছী বিধায়কে বিজেপিত যোগ দিবলৈ হয় তেন্তে দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ ওচৰতহে যোগদান কৰিব লাগিব সেয়া নিশ্চিত।

Your Comments