ৰাজ্যিক বিজেপিত এতিয়াৰে পৰা যোগদান কৰিব নোৱাৰিব ৰাজনৈতিক নেতাই,কিন্তু কিয়?

ranjit

অসম ৰাজ্যিক বিজেপিয়ে বন্ধ কৰিলে ৰাজনৈতিক নেতাৰ বিজেপিত যোগদান কৰাটো। ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে দলৰ  ৰাজ্যিক মুখ্য কাৰ্যালয়ত সংবাদমেলযোগে  ঘোষণা কৰিছে যে আজিৰে পৰা কার্যকৰী হ'ব এই সিদ্ধান্ত।বুধবাৰে অগপৰ প্ৰাক্তন বিধায়িকাসহ ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ কুৰিগৰাকীৰো অধিক মহিলাই ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দলটোত যোগদান কৰাৰ সময়তে সভাপতি দাসে কয়-'দলৰ তৃণমূল কৰ্মীৰ আহ্বানত এতিয়াৰ পৰা ৰাজনৈতিক কোনো ব্যক্তিয়ে অসম ৰাজ্যিক বিজেপিত যোগদান কৰিব নোৱাৰিব।' অৱশ্যে শিক্ষা,কলা, সাংস্কৃতিক,ঔদ্যোগিক,ব্যৱসায়িক ক্ষেত্ৰৰ ব্যক্তি অথবা বনুৱা-শিপিনী আদিৰ বাবে মণ্ডল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে যোগদানৰ দুৱাৰ খোলা থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।

 

ইফালে,দাসে সংবাদমেলত জানিবলৈ দিয়া অনুসৰি  দেশৰ তুলনাত অসম ৰাজ্যিক বিজেপি যোগদানৰ ক্ষেত্ৰত আগবাঢ়ি আছে।বৰ্তমান সময়লৈকে অসমত ১৭লাখ সদস্য নতুনকৈ অন্তৰ্ভুক্ত হোৱা বুলি তেওঁ কয়।


গুৰুত্বপূৰ্ণ যে বিটিএডিত ৰাজনৈতিক দলৰ সদস্যসকলে এতিয়াও যোগদান কৰিব পাৰিব বুলি ৰঞ্জিত দাসে উল্লেখ কৰে।

Your Comments