ছুইচ বেংকত ভাৰতীয়ৰ জমা ধন বৃদ্ধি

ছুইচ বেংকত ভাৰতীয় জমা ধন বৃদ্ধি

নিউজ ডেস্ক, ২৯ জুন : ২০১৪ চনত নৰেন্দ্ৰ মোডী দেশৰ প্ৰধান মন্ত্ৰী হোৱাৰ লগে লগে ঘোষণা কৰিছিল ছুইচ বেংকত ভাৰতীয় লোকে জমা কৰা ধন ঘূৰাই অনা হ’ব। সেই ধন ভাৰতীয় নাগৰিকৰ বেংকৰ একাউণ্টত জমা হ’ব। নৰেন্দ্ৰ মোডীৰ সেই মন্তব্যই প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিকক মোডীয়ে অজ্ঞ বুলি ধাৰণা কৰাহে প্ৰতিফলিত হৈছিল।নৰেন্দ্ৰ মোডীৰ ঘোষণা চৰকাৰ হোৱাৰ লগে লগে তল পৰিল। ছুইচ নেচনেল বেংকে প্ৰকাশ কৰা প্ৰতিবেদন মতে ভাৰতীয় লোকে জমা কৰা ধনৰ পৰিমাণ বিগত বৰ্ষটোত পঞ্চাশ শতাংশ বৃদ্ধি পালে।

Your Comments