গুৱাহাটী জিলা পুথিভঁৰালত "কিতাপ পঢ়োঁ আহক" শীৰ্ষক বৌদ্ধিক বিপ্লৱৰ আনুষ্ঠানিক শুভাৰম্ভণি

kitap parho aahak

নিউজ ডেস্ক :
অসমৰ বৌদ্ধিক জগতখনক এক নতুন দিগন্তৰ সূচনা কৰাৰ প্ৰয়াসেৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ আহ্বানত গুৱাহাটীৰ মহানগৰীত আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভনি ঘটিল "কিতাপ পঢ়োঁ আহক" নামেৰে এক বৌদ্ধিক আন্দোলনৰ।গুৱাহাটীৰ জিলা পুথিভঁৰালৰ বাকৰিত আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা এই বৌদ্ধিক আন্দোলনৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী,সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ বহুসংখ্যক স্বনামধন্য ব্যক্তি প্ৰমুখ্যে কটন বিশ্ব বিদ্যালয়, গুৱাহাটীৰ বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ লগতে মহানগৰীৰ বহুসংখ্যক শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী  উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে বৌদ্ধিক আন্দোলটোৰ মূল গুৰি ধৰোতা ডঃ অমৰজ্যোতি চৌধুৰীয়ে কয় "কিতাপ পঢ়া এই আন্দোলনটোৰ কেৱল মই অকলে আৰম্ভ কৰিবলৈ লোৱা নাই। অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে এই আন্দোলনটোৰ আৰম্ভণি ঘটাইছে"। তেওঁ বৌদ্ধিক আন্দোলনটোৰ আজিৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থকা ব্যক্তিসকল উদ্দেশ্য কৰি তেওঁ কয় "মোৰ দৃঢ় বিশ্বাস আজিৰ উপস্থিতিয়ে এই আন্দোলনটোক অধিক শক্তিশালী কৰি তুলিব"।বৌদ্ধিক আন্দোলনতোৰ উদ্দেশ্য সন্দৰ্ভতো তেওঁ ব্যাখ্যা কৰি কয় যে "কিতাপ পঢ়াৰ এই আন্দোলনৰ জৰিয়তে আমাৰ ভাষা-সংস্কৃতি, কৃষ্টিৰ পোহৰ বিলাই দিবলৈ যত্ন কৰা হ'ব। ইয়াৰ উপৰিও এটা জাতি বিশ্বায়নৰ যুগত মূৰ তুলি থিয় দিবলৈ, বিশ্বমানৱতাক সক্ৰিয়,সতেজ কৰি গঢ়ি  তোলাই হৈছে এই আন্দোলনৰ উদ্দেশ্য"।dist library

অনুষ্ঠানটোতে ডঃ চৌধুৰীয়ে পুনৰ কয় যে "সচৰাচৰ চলি থকা আন্দোলন সমূহ সোনকালে শেষ হোৱাটো আমি বিচাৰো।কিন্তু 'কিতাপ পঢ়োঁ আহক' এই আন্দোলন যিমান দীঘল হয় আমাৰ বাবে সিমানে ভাল"। 

আনহাতে আজিৰ এই শুভাৰম্ভনি অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে কয় "গ্ৰন্থ হৈছে ভগৱান।গ্ৰন্থ অধ্যয়নৰ অবিহনে কোনো জ্ঞানী হ'ব নোৱাৰে। যিদিনা গ্ৰন্থৰ মৃত্যু হ'ব সেইদিনাই ভগৱানৰো মৃত্যু হ'ব আৰু পৃথিৱীখনো ধ্বংস হ'ব"।
ইয়াৰ উপৰিও ৰাজবংশীয়ে কিতাপ আৰু মোবাইল ফোনক তুলনা কৰি তাৎপৰ্যপূৰ্ণভাৱে কয় "মোবাইলে আমাক তথ্য দিব পাৰে কিন্তু কেতিয়াও জ্ঞান দিব নোৱাৰে"।তেওঁ লগতে এই বৌদ্ধিক আন্দোলনটোত অসম সাহিত্য সভাৰ পূৰ্ণ সমৰ্থন থাকিব বুলিও ঘোষণা কৰে।

একেদৰে অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কয় "গ্ৰন্থ আমাৰ আপোন, গ্ৰন্থ আমাৰ দাপোন,গ্ৰন্থ আমাৰ সপোন"। ডঃ অমৰজ্যোতি চৌধুৰীচাৰে আজিৰ পৰা আমাক এটা নতুন পথৰ সন্ধান দিব বিচাৰিছে।এই প্ৰচেষ্টাত সদৌ অসম ছাত্ৰ সন্থাৰ পূৰ্ণ সহযোগিতা থাকিব"।লগতে ৰাজ্যৰ প্ৰতিখন শৈক্ষিক প্ৰতিষ্ঠানে অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত  পুথিভঁৰালক দৈনন্দিন কাৰ্যসূচীৰ এটা অংশ হিচাপে বাধ্যতামূলক কৰাৰ বাবেও আজিৰ মঞ্চৰ পৰাই তেওঁ আহ্বান জনায়।
 
ইফালে শুভাৰম্ভনি অনুষ্ঠানৰ শেষত উপস্থিত থকা প্ৰত্যেক গৰাকী ব্যক্তিৰ লগতে কৰি ছাত্ৰ-ছাত্ৰী সকলেও এই বৌদ্ধিক আন্দোনটোক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে সংকল্প গ্ৰহণ কৰে।উক্ত সংকল্প পাঠ কৰে বিশিষ্ট অভিনেত্ৰী ৰুণু দেৱীয়ে। ইয়াৰ পাছতে অনুষ্ঠানটোৰ মূল গুৰি ধৰোতা বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ নেতৃত্বত ৪৫জনীয়া এটা ছাত্ৰ-ছাত্ৰীৰ দলে গুৱাহাটীৰ জিলা পুথি ভঁৰালৰ অধ্যয়ন কক্ষত অধ্যয়ন কৰে। তেওঁ লগতে জনাই যে অসমৰ বিভিন্ন প্ৰান্তত এই আন্দোলনৰ ইতিমধ্যেই আৰম্ভ হৈছে। তাৰ ভিতৰত লাহোৱাল ,হাউলি আদি অন্যতম।গুৱাহাটীৰ মহানগৰীতো প্ৰত্যেক শনিবাৰে আবেলি জিলা পুথিভঁৰালৰত 'কিতাপ পঢ়োঁ আহক' শীৰ্ষক এই বৌদ্ধিক আন্দোলনখন চলিব বুলিও তেওঁ জনায়।

ইফালে এই অনুষ্ঠানৰ প্ৰতি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থায়ো মুকলি সমৰ্থন আগবঢ়ায়।

Your Comments