নিউজ ডেস্ক :
এমাহ যোৰা গৰম বন্ধৰ অন্তত বৃহস্পতি বাৰৰ(১আগষ্ট) পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব শিক্ষানুষ্ঠান সমূহৰ পাঠদান।সকলো ছাত্ৰ-ছাত্ৰীয়ে মাহযোৰা গৰম বন্ধ উদযাপন কৰি কালিলৈ পৰা পুনৰ বিদ্যালয়লৈ আহিবলৈ সাজু হৈছে। কিন্তু তাৰ মাজতে ৰাজ্যৰ একাংশ চৰকাৰী প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আছে দুখবৰ।কাৰণ কিছুদিনৰ পূৰ্বে ৰাজ্যত প্ৰলয়ৰ ৰূপ ধাৰণ কৰা বানপানীৰ বাবে ৰাজ্যৰ ১৪২খন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰৰ(১আগষ্ট) পৰা পুনৰ আৰম্ভ কৰিব নোৱাৰিব পাঠদান।
উল্লেখ্য যে চলিত বৰ্ষৰ বানত সমগ্ৰ ৰাজ্যৰ মুঠ ৪৯৯৫খনকৈ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হৈছিল।তাৰে ৩৫খনকৈ বিদ্যালয় বানপানীত ভাগি যোৱাৰ বিপৰীতে ১০৭খন বিদ্যালয় বানত বেয়াকৈ ক্ষতিগ্রস্ত হৈছে।উক্ত বিদ্যালয় সমূহৰ কিছুসংখ্যক বৰ্তমান সময়তো পানী তলত থকাৰ বিপৰীতে আন কিছুসংখ্যক বিদ্যালয়ৰ চৌহদ আৰু শ্ৰেণীকোঠা একাঠু পৰ্যন্ত পলসে পুতি পেলাইছে।
বিশেষ কৈ শিক্ষা বিভাগৰ এক সূত্ৰত জানিবলৈ দিয়া অনুসৰি ধুবুৰী, বৰপেটা আৰু মৰিগাঁও জিলাত এনে বিদ্যালয়ৰ সংখ্যা অধিক।
ইফালে গুৰুত্বপূৰ্ণ কথা এই যে বানত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়সমূহৰ ফালৰ পৰা অসম চৰকাৰৰ শিক্ষা বিভাগক ১আগষ্টৰ পূৰ্বে বিদ্যালয় সমূহ পাঠদানৰ বাবে পুনৰ উপযোগী কৰি তুলিবলৈ আহ্বান জনাইছিল।কিন্তু অসম চৰকাৰৰ শিক্ষা বিভাগে ক্ষতিগ্ৰস্ত বিদ্যালয় সমূহৰ পাঠদান আৰম্ভ কৰিব পৰাকৈ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। যাৰ ফলত এতিয়া বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ ১৪২খনকৈ বিদ্যালয়ত আৰম্ভ নহ'ব পাঠদান।
- Log in to post comments
- 25 views