গুৱাহাটীত সাংবাদিকৰ আত্মহত্যা

reporter

নিউজ ডেস্ক:
গুৱাহাটীত দেওবাৰে আত্মহত্যা কৰে এগৰাকী সাংবাদিকে।পাণ্ডুৰ জয়মতী নগৰৰ সাংবাদিকজনৰ নাম মধুসূদন গোস্বামী।প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে সন্ধিয়া ৬ বজাত পাণ্ডুৰ নিজ বাসগৃহতে চিপ লৈ আত্মহত্যা কৰে সাংবাদিকগৰাকীয়ে।চিপ লৈ থকা অৱস্থাত সাংবাদিকগৰাকীক প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে খবৰ দিয়ে জালুকবাৰী আৰক্ষীক।আৰক্ষী উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে প্ৰেৰণ কৰে।

ইফালে,সাংবাদিকগৰাকীয়ে কি কাৰণত আত্মহত্যা কৰিলে, সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই।কিন্তু,পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি কিছুদিন ধৰি তেওঁ মানসিক চাপত ভুগি আছিল। 


পাঁচ বছৰ ধৰি সক্ৰিয় সাংবাদিকতাত জড়িত হৈ থকা গোস্বামী বৰ্তমান জড়িত হৈ আছিল এটা ৱেব পৰ্টেলৰ সাংবাদিক হিচাপে।

Your Comments