হাতীগাঁও থানাৰ দুই ডকাইত ৰূপী উপ-পৰিদর্শকক চাকৰিৰ পৰা নিলম্বিত : আৰক্ষী আয়ুক্ত

hatigao

নিউজ ডেস্ক :

এগৰাকীৰ মিজো মহিলাৰ পৰা ২০লাখ টকা ডকাইতিৰ জৰিয়তে কাঢ়ি নিয়াৰ অভিযোগত দিছপুৰ আৰক্ষীৰ হাতত শুক্ৰবাৰে গ্ৰেপ্তাৰ হোৱা মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ থানাৰ দুই উপ-পৰিদর্শক ক্ৰমে জন পাঠৰী আৰু প্ৰাঞ্জল বৰাৰ লগতে উক্ত ঘটনাৰ লগত জড়িত দিছপুৰ আৰক্ষীৰ থানাৰ হোমগাৰ্ড বিপুল হাজৰিকাকো চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে।এই কথা আজি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে।লগতে তেওঁ জানিবলৈ দিছে যে বিভাগৰ নিয়ম অনুসৰি গ্ৰেপ্তাৰ হোৱাৰ পাছত প্ৰথমে চাকৰিৰ পৰা নিলম্বিত হয়।আৰু সেইয়া বৰ্তমান সময়ত কৰা হৈছে। লগতে তেওঁ এই কথাও জানিবলৈ দিছে তিনিওজন অভিযুক্তৰ বিৰুদ্ধে এতিয়া বিভাগৰ ফালৰ পৰা তদন্ত চলিব আৰু তাৰ পাছতে বিভাগৰ নিয়ম অনুসৰি চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব।


ইফালে কিছুদিনৰ পূৰ্বে গুৱাহাটীৰ দিছপুৰ আৰক্ষীৰ থানাতে কৰ্মৰত উপ-পৰিদর্শক নিপু কলিতাইয়ো সংঘটিত কৰিছিল অনুৰূপ ডকাইতি ঘটনাৰ।যোৰবাটৰ পৰা উপ-পৰিদর্শক গৰাকীয়ে ৪কোটি টকাৰ মূল্যৰ সোণৰ বিস্কুট লৈ উধাও হৈছিল।তাৰ পাছত নিপু কলিতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সেই সন্দৰ্ভত সাংবাদিকে আৰক্ষীৰ আয়ুক্ত গৰাকীক প্ৰশ্ন কৰি কয় যে বাৰে বাৰে কি কাৰণে আৰক্ষীৰ লোক এনে ঘটনাৰ লগত জড়িত হৈছে। সেই সন্দৰ্ভত আয়ুক্ত গৰাকীয়ে কয় "আমাৰ মাজতো দুই-এক তেনে দুষ্ট প্ৰকৃতি ব্যক্তি আছে।সেইবোৰ ব্যক্তিক কোনো কাৰণতে সাৰি যাবলৈ দিয়া নহ'ব। লগতে কয় গুৱাহাটী মহানগৰীত ৪হাজাৰ আৰক্ষীৰ আছে।তাৰ মাজৰে দুই এজনে এইবিলাক জঘন্য অপৰাধৰ কামত জড়িত আছে।আৰু এই কথা আমি প্ৰমাণ পোৱাৰ লগে লগে গুৰুত্ব দিছোঁ আৰু লগে লগে গ্ৰেপ্তাৰ কৰিছোঁ।ইয়াৰ উপৰিও তেওঁ কয় এনে জঘন্য অপৰাধীৰ ক্ষেত্ৰত বিভাগীয়  যিমান শাস্তি আছে সকলো দিয়া হ'ব ।

আনহাতে এনে আৰক্ষীৰ বিষয়াক কেৱল শাস্তিৰ নামত নিলম্বিত কৰিলে সকলো শেষ হৈ যায় নেকি। কাৰণ ছমাহৰ পূৰ্বে গ্ৰেপ্তাৰ হোৱা নিপু কলিতাক যদি উপযুক্ত ডকাইতি প্ৰমাণ কৰিব পৰা নাযায় তেতিয়া তেওঁ পুনৰ কোনো এখন আৰক্ষীৰ চকীত কৰ্মত যোগদান কৰিব।যিহেতু তেওঁক ডকাইত বুলি অভিহিত কৰিবলৈ তেওৰঁ লগত কোনো প্ৰমাণ আৰক্ষীয়ে লাভ কৰা নাই। সেই সন্দৰ্ভত আৰক্ষী আয়ুক্ত গৰাকীক প্ৰশ্ন কৰাত তেওঁ কয় "প্ৰথম কথা এতিয়ালৈকে তেওঁ কোনো থানাত যোৱা নাই। দ্বিতীয়তে সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমান বিভাগীয় অনুসন্ধান চলি আছে"।

লগতে কয় "এইটো নহয় যে, ইমান এটা জঘন্য অপৰাধ কৰাৰ পিছত সাৰি যাব ।একেদৰে তেওঁ তাপয্য পূৰ্ণ ভাৱে কয়- "এনেকুৱা উদাহৰণ নাই জনসাধৰণক ডকাইতি কৰি ধৰা পৰাৰ পিছত পুনৰ তেনে আৰক্ষী বিষয়াক চাকৰিত পুনৰ নিয়োজিত কৰা হৈছে সেইটো মই দেখা নাই"।

লগতে তেওঁ জানিবলৈ দিয়ে যে নিপু কলিতাৰ অভিযোগনামা অতিসোনকালে দাখিল কৰিব তদন্তকাৰী আৰক্ষীয়ে।

Your Comments