অসম লোক সেৱা আয়োগত অনিয়ম: মুঠ ৫২ টা প্ৰশ্নোত্তৰত গ্ৰেছমাৰ্ক দি অভিলেখ

lokseba

নিউজ ডেস্ক:

২০১৮ চনত অসম লোক সেৱা আয়োগে ব্যাপক অনিয়মেৰে অনুষ্ঠিত কৰিছিল সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা। সৰ্ব মুঠ ৫২ টা প্ৰশ্নোত্তৰত গ্ৰেছমাৰ্ক দি এক অভিলেখ ৰচিলে অসম লোকসভা আয়োগে। অসম লোকসেৱা আয়োগৰ সমানে জগৰীয়া অসম চৰকাৰ। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলত এইদৰে মন্তব্য কৰে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচি-ৰ মুখ্য সম্পাদক মানসপ্ৰতিম বৰুৱাই। সংবাদমেল সম্বোধন কৰি মানসপ্ৰতিম বৰুৱাই কয়, "দুৰ্নীতিৰ মহানায়ক ৰাকেশ পালৰ গ্ৰেপ্তাৰৰ পিছত সকলোৱে ভাবিছিল যে অসম লোকসেৱা আয়োগে সমান্তৰালভাৱে এক অনিয়মমুক্ত আৰু বিশৃংখলতাবিহীন ব্যৱস্থাৰে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব। কিন্তু বাস্তৱ ক্ষেত্ৰত তাৰ এক ওলোটা ছবিহে দৃশ্যমান হৈছে।

তেওঁ কয় যে তাৰেই এক চূড়ান্ত নিদৰ্শন হ'ল ২০১৮ চনত আয়োগে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়তে অতি কমেও প্ৰায় দহটা অনিয়মেৰে পৰীক্ষা অনুষ্ঠিত কৰিলে।" তাৰে কেইটামান অনিয়ম হ'ল- আয়োগৰ প্ৰথমখন বাছনি তালিকা সীমাহীন ক্ৰুটিপূৰ্ণ প্ৰশ্নোত্তৰেৰেই পৰীক্ষণ কৰি প্ৰস্তুত কৰা হৈছিল। দ্বিতীয় অনিয়মটো হ'ল - অসম লোকসেৱা আয়োগৰ যিখন দ্বিতীয় বাছনি তালিকা তাত কেৱল দ্বিতীয় বাছনি তালিকাৰ প্ৰাৰ্থীসকলক তেওঁলোকে ভুল উত্তৰবোৰ শুদ্ধ কৰি বাছনি কৰিলে। তৃতীয় অনিয়মটো হ'ল - আয়োগে দ্বিতীয় বাছনি তালিকাখন আয়োগৰ ২০১০ বিধি উলংঘন কৰি প্ৰস্তুত কৰিলে। চতুৰ্থ অনিয়মটো হ'ল - আয়োগে Pro Rata System ৰ অপপ্ৰয়োগ কৰি আহিছে।

তেওঁ  লগতে কয় যে এটা সাংবিধানিক সংস্থাই এটা অনিয়মৰ পিছতে আনটো অনিয়ম কৰি ক'ৰবাত নহয় ক'ৰবাত অভিলেখ সৃষ্টি কৰিছে। ২০১৮ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা আয়োগৰ সংস্কাৰহীনতাৰ চূড়ান্ত প্ৰতিফলন। অসম লোকসেৱা আয়োগৰ এই ভুলসমূহৰ বাবে কেৱল তেওঁলোক অকলেই দায়ী নহয়, ইয়াৰ বাবে প্ৰধানকৈ অসম চৰকাৰো দায়ী। অসম চৰকাৰে অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ বাবে যেনেদৰে ব্যৱস্থা ল'ব লাগিছিল তেনেদৰে কোনো ব্যৱস্থা লোৱা নাই বুলি মানস প্ৰতিম বৰুৱাই মন্তব্য কৰে।

Your Comments