আগন্তক পাঁচদিনলৈ ৰাজ্য তথা উত্তৰ-পূৰ্বত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

rin

নিউজ ডেস্ক :

ৰাজ্যবাসীৰ বাবে পুনৰ দুখবৰ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ খবৰ অনুসৰি আগন্তক ২৪ঘন্টাত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ।ইয়াৰ উপৰিও বতৰ বিজ্ঞান কেন্দ্ৰটোৱে প্ৰকাশ কৰাৰ খবৰ অনুসৰি ২৫ জুলাই পৰা ৩০ জুলাই পয্যন্ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত অব্যাহত থাকিব বৰষুণ।ফলত বিভিন্ন সময়ত কালৰূপ ধৰিব পাৰে অসমৰ নদী সমূহে।

উল্লেখ যে ইতিমধ্যে ভুটানৰ নদীবান্ধৰ পানীয়ে প্লাৱিত কৰিছে নামনি অসমৰ কেইবাখনো জিলাত।তাৰ পাছত যদি পুনৰ বৰষুণ হবলৈ হয় তেন্তে পুনৰ ৰাজ্যখনত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিব পাৰে।

Your Comments