গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰিছে এটা ব্যতিক্ৰমী পদক্ষেপ।ৰাজপথত জাবৰ পেলোৱা লোকসকল এতিয়াৰে পৰা সাৱধান নহ'লে যিকোনো মুহূৰ্ততে ১০০০ টকা পর্যন্ত জৰিমনা ভৰিব লাগিব। এই কথা জানিবলৈ দিছে গুৱাহাটীৰ পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে।
মালাকাৰে জানিবলৈ দিয়া অনুসৰি ৰাজপথ কদৰ্য কৰি তোলা গুৱাহাটী মহানগৰবাসীৰ বিৰুদ্ধে এতিয়াৰে পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হ'ব।লগতে তেওঁ জানিবলৈ দিয়া অনুসৰি কোনো লোকে যদি গুৱাহাটীত অপৰিচ্ছন্ন পৰিৱেশ সৃষ্টি কৰাৰ ফটো অৰ্থাৎ জাবৰ পেলোৱা ফটো গোপনে ফোনত আবদ্ধ কৰি গুৱাহাটী পৌৰ নিগমক যোগান ধৰিলে ৫০০টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব যোগান ধৰোঁতাক।ইয়াৰ লগতে,নিৰ্দিষ্ট ডাষ্টবিনৰ পৰিৱৰ্তে য'তে ত'তে জাবৰ পেলোৱা লোকক গুৱাহাটী পৌৰ নিগমৰ ফ্লায়িং স্কোৱাডে ১০০০ টকাৰ জৰিমনা বিহিব।
ইয়াৰ বাবে গুৱাহাটী পৌৰ নিগমে ইতিমধ্যে মুকলি কৰি দিছে বহুকেইটা হোৱাটছএপ নম্বৰ।সেইকেইটা হৈছে ৮৮১১০০৭০০০,৭৩৯৯০০৩০০১,৭৩৯৯০০৩০০৩,৭৩৯৯০০৩০০৪।ইয়াৰ উপৰিও গুৱাহাটী পৌৰ নিগমৰ জি-মেইল ঠিকনা gmcpgo@gmail. com।
এইসমূহৰ উপৰিও গুৱাহাটী পৌৰ নিগমৰ ফেচবুক পেজ আৰু বিভাগৰ ৱেবচাইটতো দাখিল কৰিব পাৰিব অভিযোগ।আনহাতে,অভিযোগ দিওঁতাগৰাকীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগমে সকলো তথ্য গোপনে ৰাখিব বুলিও জানিবলৈ দিছে।যদি সম্ভৱ হয়,জাবৰ পেলোৱা ব্যক্তিৰ নাম ,ঠিকনাও প্ৰেৰণ কৰিবলৈ অনুৰোধ জনায়।অন্যথা কেৱল ফটো প্ৰেৰণ কৰিলেও পাব ৫০০টকাৰ পুৰস্কাৰ।
- Log in to post comments
- 4 views