প্ৰতি দেওবাৰে দীঘলীপুখুৰী পৰিষ্কাৰ কৰিব পৰ্যটন বিভাগে

di

গুৱাহাটী মহানগৰীত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ দীঘলীপুখুৰী।সেই দীঘলীপুখুৰীৰ সৌন্দৰ্যবৰ্দ্ধনৰ  বাবে অসম পৰ্যটন বিভাগে গ্ৰহণ কৰিছে এটা পদক্ষেপ।সেই অনুসৰি এতিয়াৰে পৰা পৰ্যটন বিভাগে প্ৰতি দেওবাৰে ঐতিহাসিক পুখুৰীটো পৰিষ্কাৰ কৰিব।তাৰ বাবে প্ৰতি দেওবাৰে পুখুৰীটোত চূণ,ফিৎকিৰি আদি প্ৰয়োগ কৰা হ'ব বুলি জানিবলৈ দিছে অসম পৰ্যটন বিভাগে।

di

উল্লেখ্য যে মহানগৰীৰ মাজ-মজিয়াত থকা এই ঐতিহাসিক পুখুৰীটো দর্শন কৰিবলৈ প্ৰতিদিনে বহুসংখ্যক লোক আহে।ইয়াৰ উপৰিও অৱসৰ বিনোদনলৈ অহা বহু লোকে পুখুৰীটোত নৌকাচালনাও কৰে।

Your Comments