অসমৰ বান পৰিস্থিতিৰ মোকাবিলাত সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিলে গৃহমন্ত্ৰী অমিত শ্বাহে

flood

নিউজ ডেস্ক:

যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি। ইতিমধ্যে ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত শনিবাৰে পুৱাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ-বৰাকৰ ভয়ংকৰ বান পৰিস্থিতি সম্পৰ্কে গৃহমন্ত্ৰী শ্বাহক অৱগত কৰে। উল্লেখ্য যে ৰাজ্যৰ অধিকাংশ জিলাতে বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰলংকৰী এই বানত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে কেইবাজানো লোকে।

বাৰ্তালাপত গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত সকলোধৰণৰ সহায়- সহযোগিতা কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী সোণোৱালক।

Your Comments