বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

brahmaputra

নিউজ ডেস্ক :

যোৱা কেইবাদিনো ধৰি ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত  ভয়ংকৰ ৰূপত ওফন্দি উঠিছে ৰাজ্যৰ প্ৰতিখন নদী- উপনদী। নদী-উপনদী সমূহৰ পানী বৃদ্ধি পোৱাৰ ফলত ব্ৰহ্মপুত্ৰতো দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপ। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ১০ছেন্টিমিটাৰ ওপৰেৰে গতি কৰিছে। জলসম্পদ বিভাগৰ সূত্ৰ অনুসৰি ব্ৰহ্মপুত্ৰৰ বিপদসীমা ৪৯.৬৮০ ছেন্টিমিটাৰ কিন্তু বৰ্তমান পানীয়ে গতি কৰিছে ৪৯.৭৮০ ছেন্টিমিটাৰলৈ। প্ৰাপ্ত খবৰ অনুসৰি ৰাতি ১০বজাৰ পৰা দ্ৰুতগতিত বাঢ়িছে পানী।বৰ্তমান সময়তো ক্ৰমাৎ বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

আনহাতে পানী বৃদ্ধি পোৱা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নদী কাষৰীয়া অঞ্চলৰ জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে।

Your Comments