আৰ্থিক ৰাজধানী মুম্বাইত বিধ্বস্ত বাট-পথ:বৃহৎ গাঁতত পৰি সঘনে দুৰ্ঘটনাগ্ৰস্ত মটৰবাইক চালক

mum

মুম্বাইত এতিয়া পথসমূহত মৰণফান্দ।প্ৰৱল মৌচুমী বৃষ্টিপাতত মুম্বাইৰ বহু পথত থকা বৃহৎ বৃহৎ গাঁতসমূহ পানীভৰ্তি হৈ পৰিছে।এনে পানীপূৰ্ণ গাঁতসমূহত সোমাই পৰি বহু লোক দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু কেইবাজনো লোকৰ মৃত্যুও হৈছে।বহুসময়ত মটৰ বাইক চালকসকল দুৰ্ঘটনাগ্ৰস্ত হৈছে।

নাছিক-মুম্বাই ৰাজপথৰ সোণালে গাঁৱৰ সমীপত ৮ জুলাইত এটা পানীভৰ্তি গাঁতত পৰি দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু মুখত পৰে এজন বাইক চালক।৯ জুলাইত কল্যাণ এলেকাত পানীভৰ্তি গাঁতত সোমাই মৃত্যু হয় দুটি শিশুৰ।


ইফালে,এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো পথসমূহৰ মেৰামতি কৰাৰ ক্ষেত্ৰত মুম্বাই পৌৰ নিগম যথোচিত ব্যৱস্থা গ্ৰহণ নকৰাত জনসাধাৰণৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

Your Comments