অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ:ভয়ংকৰ বানে উটুৱাই নিলে মানুহ,আৱাস,ছাত্ৰাৱাস,ৰেষ্টোৰাঁ

flood

ডাৱৰ বিস্ফোৰণৰ বাবে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত এতিয়া ভয়ানক বান।সোমবাৰে গধূলি হোৱা ডাৱৰ বিস্ফোৰণৰ প্ৰৱল বৃষ্টিপাতৰ পিছত কাস্পি নলাত হঠাতে প্ৰৱল বান আহে আৰু নাগ মন্দিৰ টেঙাৰ সমীপত এখন ৰেষ্টোৰাঁ,এটা ছাত্ৰাৱাস আৰু অন্যান্য একাংশ ঘৰ ধ্বংস কৰে।এখন আৰচিচি দলং,গাড়ী-মটৰ আদি উটুৱাই নিয়ে।

বানত ৮০০ লোক আৱদ্ধ হৈ পৰে বুলি জানিব পৰা গৈছে।কিছু লোক নিৰুদ্দেশ হৈ আছে।এনডিআৰএফ তথা সেনা,অৰ্ধসামৰিক বাহিনীৰ জোৱানে উদ্ধাৰ অভিযান চলাই আছে।

Your Comments