২ -৩১অক্টোবৰত পদযাত্ৰাৰে  মহাত্মা গান্ধীৰ শিক্ষা-আদৰ্শ প্ৰচাৰ কৰক বিজেপি সাংসদসকলে-প্ৰধানমন্ত্ৰী মোডী

modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপি সাংসদসকলক এটা বিশেষ কৰ্মসম্পাদন কৰিবলৈ আহ্বান জনাইছে।অহা ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ পৰা চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী ৩১ অক্টোবৰলৈকে মাজৰ দিনকেইটাত সাংসদসকলক নিজ নিজ সংসদীয় এলেকাত ১৫০ কি:মি:ৰ পদযাত্ৰা উলিয়াবলৈ কৈছে প্ৰধানমন্ত্ৰী মোডীয়ে।


এই পদযাত্ৰাত সাংসদসকলে মহাত্মা গান্ধীৰ আদৰ্শ আৰু শিক্ষাৰ প্ৰচাৰ গাঁৱে-নগৰে কৰিব লাগিব।লগতে গছপুলি ৰোপণৰ অভিযান চলাব লাগিব।এই পদযাত্ৰাত গাঁৱৰ উন্নয়ন,গাঁওসমূহক আত্মনিৰ্ভৰশীল কৰা তথা 'শূন্য বাজেট' কৃষি কৰিবলৈ কৃষকসকলক উৎসাহিত কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব সাংসদসকলে।

Your Comments