সোমবাৰে প্ৰৱল বৰষুণত বাধাগ্ৰস্ত মুম্বাইৰ যাতায়ত ব্যৱস্থা

mumbai rain

এসপ্তাহৰ পিছত পুনৰ মুম্বাইত ধাৰাসাৰ বৃষ্টিপাত।সোমবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা প্ৰচণ্ড বৃষ্টিপাতত মুম্বাই মহানগৰীৰ আন্ধেৰী,ভিক্ৰলী,ছাকিনাকা,কাঞ্জুৰ মাৰ্গ আদি এলেকাত পথ পানীভৰ্তি হৈ পৰিছে।ফলত যান-বাহনসমূহৰ যাতায়ত যথেষ্ট মন্থৰ হৈ পৰিছে।


এনে এলেকাসমূহত ৰে'লপথত পানী জমা হোৱা বাবে লোকেল ট্ৰেইনসমূহৰ যাতায়ত বাধাগ্ৰস্ত হৈ পৰিছে।মুঠতে, সপ্তাহৰ প্ৰথমটো কৰ্মদিনত প্ৰৱল বৰষুণে মুম্বাইৰ কৰ্মসংস্কৃতিক যথেষ্ট প্ৰভাৱিত কৰিছে।

Your Comments