সাধাৰণ বাজেটৰ পৰা গ্ৰামীণ এলেকা আৰু দৰিদ্ৰৰ কল্যাণ হ'ব--প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

modi

লোকসভাত শুকুৰবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা ২০১৯ বৰ্ষৰ সাধাৰণ বাজেটক আশা,বিশ্বাস আৰু আকাংক্ষাৰ বাজেট আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।বাজেটখনক নতুন ভাৰত নিৰ্মাণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আখ্যা দিলে প্ৰধানমন্ত্ৰীয়ে।বাজেটখনৰ পৰা গ্ৰামীণ এলেকা আৰু দৰিদ্ৰসকলৰ কল্যাণ হ'ব বুলি প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰে।


বাজেটখনৰ পৰা দেশৰ যুৱ প্ৰজন্মই উন্নত ভৱিষ্যত লাভ কৰিব বুলি প্ৰধান মন্ত্ৰীয়ে কয়।বাজেটখনে শিক্ষা ক্ষেত্ৰৰ উন্নয়ন সাধন কৰাৰ লগতে বিকাশত গতি আনিব বুলি প্ৰধানমন্ত্ৰী উল্লেখ কৰে।

Your Comments