লোকসভাত শুকুৰবাৰে মোডী চৰকাৰ(দ্বিতীয়)ৰ সাধাৰণ বাজেট দাখিল
কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।বাজেট দাখিল কৰোঁতে সীতা ৰমনে চানক্য নীতি আৰু প্ৰসিদ্ধ উৰ্দু কবি মঞ্জুৰ হাছমীৰ শ্বায়েৰী আওঁৰাই।তেওঁ চানক্য নীতি আওৰাই--'ইচ্ছাশক্তিৰ সৈতে কৰা প্ৰয়াসত লক্ষ্যত নিশ্চিতভাৱে উপনীত হ'ব পৰা যায়।'লগতে তেওঁ মঞ্জুৰ হাছমীৰ শ্বায়েৰী আওঁৰাই--'নিজৰ ওপৰত আত্মবিশ্বাস থাকিলে বতাহৰ সহায় লৈও বন্তি জ্বলাব পাৰি।'
সীতাৰমনে ভাৰতীয় অৰ্থনীতিক ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি কৰা সন্দৰ্ভত এনে বক্তব্য দাঙি ধৰে।বিত্ত মন্ত্ৰীয়ে কয়-২০১৪ চনত ভাৰতীয় অৰ্থনীতি আছিল ১.৮ ট্ৰিলিয়ন ডলাৰৰ।২০১৯ চনত ই হ'লগৈ ২.৭ ট্ৰিলিয়ন ডলাৰ।এতিয়া ভাৰতীয় অৰ্থনীতিক ৫ ট্ৰিলিয়ন ডলাৰ কৰিব লাগিব।
ভাৰতীয় অৰ্থনীতিক ৫ ট্ৰিলিয়ন ডলাৰ কৰা সন্দৰ্ভত তেওঁ কেইটামান বিন্দুৰ বিষয়ে উল্লেখ কৰে।সেইকেইটা হৈছে-বুনিয়াদী আন্ত:গাথঁনিত প্ৰচুৰ বিনিয়োগ, ডিজিটেল অৰ্থনীতি,কৰ্মসংস্থাপন সৃষ্টি তথা জনতাৰ আশা,বিশ্বাস আৰু আকাংক্ষা।
- Log in to post comments
- 11 views