বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে শুকুৰবাৰে লোকসভাত মোডী চৰকাৰ(দ্বিতীয়)ৰ প্ৰথমখন বাজেট দাখিল কৰে।পূৰ্বতে বিত্তমন্ত্ৰীসকলে চামৰাৰ ব্ৰীফকেচত বাজেটখন আনি লোকসভাত দাখিল কৰিছিল যদিও এইবাৰ ব্যতিক্ৰম দেখা গ'ল।বিত্তমন্ত্ৰী সীতাৰমনে ৰঙা মখমল কাপোৰৰ মাজত বাজেটখন মেৰিয়াই আনি লোকসভাত দাখিল কৰে।
উল্লেখ্য যে ভাৰতত ব্যৱসায়ীৰ বহী-খাতা ৰঙা কাপোৰেৰে বান্ধি ৰখা হয়।কাৰ্যালয়ত চৰকাৰী ফাইলো ৰঙা কাপোৰেৰে বান্ধি ৰখা দেখা যায়।গতিকে এইবাৰৰ বাজেট দাখিলত বিত্তমন্ত্ৰীয়ে ভাৰতীয় পৰম্পৰা ৰক্ষাৰ নিদৰ্শন দাঙি ধৰিলে বুলি কোৱাৰ থল আছে।
- Log in to post comments
- 8 views