নিউজ ডেস্ক :
সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত ৪ পৃষ্ঠাজোৰা আৱেগিক পত্ৰ লিখি কংগ্ৰেছৰ অধ্যক্ষ পদ ত্যাগ কৰিলে ৰাহুল গান্ধীয়ে।এই সন্দৰ্ভত টুইটাৰৰ জৰিয়তে ৰাজহুৱা কৰিছে ৰাহুল গান্ধীয়ে।
পত্ৰত ৰাহুল গান্ধীৰ স্পষ্ট মত-দলৰ পৰৱৰ্তী নতুন অধ্যক্ষ বাছনি দায়িত্ব দললৈ এৰা বুলিও।উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত দলৰ শোচনীয় পৰাজয়ৰ পিছতে অধ্যক্ষ পদ ত্যাগ কৰিব বুলি ৰাহুলে ঘোষণা কৰিছিল। তাৰ পিছতে কংগ্ৰেছৰ ভিতৰ চ'ৰাত আৰম্ভ হৈছিল বহুতো আলোচনা-বিলোচনা।একাংশ কংগ্ৰেছ নেতাই ৰাহুল গান্ধীয়ে পদত্যাগ কৰাটো সমৰ্থন কৰিছিল যদিও একাংশ কংগ্ৰেছ নেতাই সমৰ্থন কৰা নাছিল।কিন্তু নিজৰ স্থিতিত অটল থাকি ৰাহুলে আজি পদত্যাগ কৰিলে অধ্যক্ষ পদৰ পৰা।
অধ্যক্ষ পদ ত্যাগ কৰি ৰাহুল গান্ধীয়ে উল্লেখ কৰে- 'কংগ্ৰেছ দলৰ প্ৰতি সেৱা আগবঢ়াব পৰাটো মোৰ বাবে সৌভাগ্যৰ কথা।এই দলৰ আদৰ্শ আৰু মূল্যবোধ আমাৰ সুন্দৰ দেশখনৰ শিৰাই শিৰাই প্ৰৱাহিত হৈ আছে।মোক দিয়া মৰম আৰু সন্মানৰ বাবে মই মোৰ দেশ আৰু দলৰ প্ৰতি কৃতজ্ঞ হৈ থাকিম।'
ইফালে,ৰাহুল গান্ধীৰ অনুপস্থিতিত কংগ্ৰেছৰ নতুন অধ্যক্ষ এতিয়া কোন হ'ব, তাক লৈ কোনো মতামত প্ৰকাশ কৰা নাই দলটোৰ শীর্ষ নেতৃত্বই।পূৰ্বৰ পৰম্পৰা অনুসৰি দলটোৰ আটাইতকৈ জ্যেষ্ঠ নেতাগৰাকীয়ে নতুন অধ্যক্ষ নিযুক্তি নিদিয়ালৈকে দলৰ দায়িত্ব গ্ৰহণ কৰিব লাগে।সেই অনুসৰি দলটোৰ আটাইতকৈ জ্যেষ্ঠ নেতা মতিলাল ভোৰাই কিছুদিনৰ বাবে অধ্যক্ষৰ দায়িত্ব পালন কৰিব পাৰে।কিন্তু সেয়াও এতিয়া স্পষ্ট নহয়।
- Log in to post comments
- 17 views