জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা
অৰুণাচলৰ পাহাৰৰ পৰা নামি অহা পানীয়ে বিশ্বনাথৰ পাভৈৰ ঘগৰা নদীৰ জলপৃষ্ঠ বৃদ্ধি কৰিছে।ঘগৰা নদীৰ পানীয়ে বুৰাই পেলাইছে পাভৈৰ বিস্তীৰ্ণ অঞ্চল ৷ দুশটাকৈ পৰিয়াল পৰিছে বাঢ়নী পানীৰ কবলত ৷৮ খন গাঁও এতিয়া পানীৰ তলত।
ইফালে,পাভৈ পাঁচআলিৰ পৰা পাভৈ চাহ বাগিচালৈ যোৱা পথটো সম্পূৰ্ণভাৱে বুৰ গৈছে।পাভৈ বালিচাং সংযোগী পথটো বুৰাই পেলাইছে বাঢ়নী পানীয়ে।সাংসদ পল্লৱ লোচন দাসৰ ঘৰলৈ যোৱা পথটোও পানীৰ তলত ৷লগতে,বুৰাই পেলাইছে হাতীশাল, কুৰ্মী বস্তি, ৰঙামাটী, ৰঙামূৰী, বামুনী পথাৰ, মিছামাৰী, মৰৱবস্তি,কাৰ্বি চুবুৰী আদি গাওঁ।
- Log in to post comments
- 23 views